ETV Bharat / state

জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড: কুকুৰৰ শৰীৰত ঢালিলে এচিড

author img

By

Published : Dec 22, 2020, 4:58 PM IST

পোহৰলৈ আহিছে নিজকে জীৱশ্ৰেষ্ঠ বুলি দাবী একাংশ লোকৰ অমানৱীয় কাণ্ড ৷ বাক্সা জিলাৰ জাখলিৰ পাৰত এগৰাকী দুৰ্বৃত্তই পাঁচটাকৈ কুকুৰৰ শৰীৰত ঢালিলে এচিড ৷

dog attack by acid in baksa assam etv bharat news
কুকুৰক এচিড আক্ৰমণ

বৰপেটাৰোড,22 ডিচেম্বৰ: বাক্সা জিলাৰ জাখলিৰ পাৰ নামে অঞ্চলত সংঘটিত হৈছে এক অমানৱীয় ঘটনা ৷ জীৱশ্ৰেষ্ঠ মানৱ বুলি দাবী কৰা এক দুৰ্বৃত্তই পাঁচটাকৈ কুকুৰক এচিড ঢালি আক্ৰমণ কৰে ৷ এই এচিড আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হৈছে কুকুৰকেইটা ৷ অতি নিষ্ঠুৰভাৱে কুকুৰ কেইটাক এচিড ঢালি আক্ৰমণ কৰা লোকজন গৌতম বসাক বুলি জানিব পৰা গৈছে ৷ লোকগৰাকী বজালী জিলাৰ পাটাছাৰকুছিৰ মা কামাখ্যা জুৱেলাৰীৰ স্বত্বাধিকাৰী ৷

কুকুৰৰ শৰীৰত ঢালিলে এচিড

বিগত 16 ডিচেম্বৰত হৃদয়হীন লোকজনে কুকুৰ কেইটাক এচিডেৰে আক্ৰমণ কৰাৰ পিছত যন্ত্ৰণাদায়ক শৰীৰ লৈ এটা কুকুৰে পোৱালীক দুগ্ধপান কৰোৱাৰ দৃশ্যই সকলোকে আৱেগিক কৰি তোলে ৷ এচিডৰ আক্ৰমণত আহত হোৱা কুকুৰকেইটাক স্বেচ্ছাসেৱী সংগঠন ‘দ্যা ৱগিং টেইলৰ’ৰ কৰ্মকৰ্তাই গুৱাহাটীলৈ নি চিকিৎসা সেৱা প্ৰদান কৰাৰ কথা জানিবলৈ দিছে সংগঠনটোৰ সদস্য প্ৰতীক দত্তই ৷

ইপিনে, এই কাৰ্যৰ নিন্দা প্ৰকাশ কৰি জাখলিৰ পাৰৰ নিৰ্মল দাসে আক্ৰমণকাৰীৰ শাস্তি দাবী কৰি শিমলাগুৰি আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে ৷ আনহাতে, স্বেচ্ছাসেৱী সংগঠন এনাজৰী আৰু Purr pows Foundation য়ে এই কাৰ্যৰ বিৰুদ্ধে পৃথক পৃথককৈ দুখন এজাহাৰ দাখিল কৰে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে শোণিতপুৰৰ ৰঙাপৰাতো একাংশ দুৰ্বৃত্তই বনৰীয়া হাতীক উদ্দেশ্যি প্ৰক্ষেপ কৰা অগ্নি সংযোজিত শেলে হাতীৰ মুখ আৰু পিঠিত পুৰি পেলাইছিল ৷

লগতে চাওকঃ অৰুণাচলৰ পৰা অপহৃত অইলৰ দুই বিষয়াৰ সন্ধানত অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.