ETV Bharat / state

বাক্সাৰ দুগৰাকী মহিলা ব্যস্ত মাটিৰ চাকি বনোৱাত - দিপৰ বিল

দীপাৱলিক লৈ ব্যস্ত হীড়া সম্প্ৰদায়ৰ বোৱাৰী জীয়ৰী সকল ৷ দীপান্বিতাৰ সময়ত মাটিৰ চাকি বজাৰৰ উপৰিও ঘৰে ঘৰে বিক্ৰী কৰি লাভান্বিত হৈ আহিবলৈ সক্ষম হৈছে হীড়া সম্প্ৰদায়ৰ লোকসকল ৷

As_baksa_dewali_news_vis_as10029
বাক্সাৰ দুগৰাকী মহিলা ব্যস্ত হৈ পৰিছে মাটিৰ চাকি বনোৱাত
author img

By

Published : Nov 12, 2020, 7:40 AM IST

বৰমা,১১ নৱেম্বৰ: পোহৰৰ উৎসৱ দীপাৱলি লৈ মাজত মাথো দুটা দিন বাকী ৷ সেই সময়তেই বাক্সা জিলাৰ হীড়া সম্প্ৰদায়ৰ বোৱাৰী জীয়ৰী সকল ব্যস্ত হৈ পৰিছে মাটিৰ চাকি বনোৱাত ৷ পোহৰৰ উৎসৱ ৰূপে পৰম্পৰাগত ভাৱে দেশবাসীয়েই উদযাপন কৰি আহিছে দীপাৱলি । দীপাৱলিকলৈ ব্যৱসায়ীসকল ব্যস্ত হৈ পৰিছে বন্তি প্ৰজ্বলনৰ সামগ্ৰী যোগান ধৰাত ।

বাক্সাৰ দুগৰাকী মহিলা ব্যস্ত হৈ পৰিছে মাটিৰ চাকি বনোৱাত

বাক্সা জিলাৰ চৰ্ণা হীড়া চুবাৰ কুঞ্জলতা হীড়াৰ পৰিয়ালটিও ব্যস্ত হৈ পৰিছে মাটিৰ চাকি বনোৱাত । দীপান্বিতাৰ সময়ত মাটিৰ চাকি বজাৰৰ উপৰিও ঘৰে ঘৰে বিক্ৰী কৰি লাভান্বিত হৈ আহিবলৈ সক্ষম হৈ আহিছে পৰিয়ালটো । মৃৎশিল্পী সকলে চাকিৰ লগতে অন্যান্য মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰি সেইবোৰ বজাৰত বিক্ৰী কৰি নিজৰ পৰিয়ালটো পোহ পাল দি অহাৰ লগতে ল'ৰা ছোৱালীক পঢ়া শুনা কৰোৱাই আহিছে ।

As_baksa_dewali_news_vis_as10029
বাক্সাৰ দুগৰাকী মহিলা ব্যস্ত হৈ পৰিছে মাটিৰ চাকি বনোৱাত

একেদৰে একে গাঁৱৰে অনিমা হীড়ায়ো দীপান্বিতাৰ আগমণৰ লগে লগে ব্যস্ত হৈ পৰিছে মাটিৰ চাকী বনোৱা কাৰ্যত । বছৰৰ এই উৎসৱৰ সময়ত মাটিৰ চাকিৰ বজাৰ অতিকৈ ভাল হৈ পৰাৰ বাবে যথেষ্ট লাভৱান হ'বলৈ সক্ষম হৈ আহিছে । সেয়ে আন বছৰৰ দৰে এইবাৰো অনিমা হীড়াই ব্যস্ত হৈ পৰিছে মাটিৰ চাকি বনোৱাত । উল্লেখ্য যে,বাক্সা জিলাৰ চৰ্ণা হীড়া সম্প্ৰদায়ৰ লোকসকলে গুৱাহাটী দিপৰ বিলৰ পৰা এই মাটি সংগ্ৰহ কৰি আহিছে । পৰিয়ালৰ পুৰুষ সকলে আন কাম কৰাৰ লগতে পৰিয়ালৰ মহিলা সকলে অৰ্থাৎ বোৱাৰী জীয়ৰী সকলে এই মৃৎশিল্পীৰে মাটিৰ সামগ্রী তৈয়াৰ কৰি যথেষ্ট লাভৱান হ'বলৈ সক্ষম হৈ আহিছে ।

লগতে পঢ়ক:দৃষ্টি ৰাজখোৱাক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.