বাক্সা, 25মেঃ শেহতীয়াকৈ দিহিং পাটকাই তথা পূৱৰ আমাজনখ্যাত অভয়াৰণ্যখনত কেন্দ্ৰীয় চৰকাৰে কয়লাৰ মুক্ত খননৰ অনুমোদন জনোৱাৰ পিছতে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনৰ লগতে প্ৰকৃতপ্ৰেমী সংগঠনসমূহ । বৰ্ষাৰণ্য বনাঞ্চলখন সংৰক্ষণৰ দাবীৰে সোমবাৰে বাক্সা জিলাৰ গোৰেশ্বৰ আঞ্চলিক ছাত্র সন্থা, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু আক্ৰাছুৱে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ৷
গোৰেশ্বৰ ৰাজপথত হাতে হাতে প্লেকাৰ্ড লৈ দিহিং পাটকাইক সংৰক্ষণৰ দাবী তোলে সংগঠনকেইটাই । আনহাতে সংগঠনকেইটাই অভয়াৰণ্যখনৰ কয়লা খননৰ সিদ্ধান্ত অতিশীঘ্ৰেই বাতিল নকৰিলে নিৰৱিচিন্নভাৱে সামাজিক দূৰত্ব বজাই ৰাখি প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি সকিয়াই দিয়ে চৰকাৰক ।
লগতে পঢ়কঃ বিহাৰৰ "বাইচাইকেল যুৱতীলৈ" ভাৰতীয় ডাক বিভাগৰ বিশেষ সন্মান