বাক্সা, ১০ মাৰ্চ: ৰাজ্যৰ বিদ্যুৎ বিভাগৰ কিছুমান কাণ্ডজ্ঞানহীন কাৰ্যকলাপে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । তেনে এক অস্বাভাৱিক কাণ্ড শেহতীয়াকৈ সংঘটিত হৈছে বাক্সা জিলাৰ তামুলপুৰ বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ বৃহত্তৰ নাগ্ৰিজুলি অঞ্চলৰ কুম্ভীঝাৰ আৰু জয়পুৰ গাঁৱত । এখন অস্বাভাৱিক বিদ্যুৎ বিলৰ ধনৰ পৰিমাণ দেখি সৰগ ভাগি পৰিছে কুম্ভীঝাৰ আৰু জয়পুৰ গাওঁবাসীৰ । এই অস্বাভাৱিক বিল দেখি ক্ষোভিত হৈ পৰিছে গাঁওবাসী । প্ৰাপ্ত তথ্য অনুসৰি, এমাহত বিদ্যুতৰ বিল ১৫ ৰ পৰা ২২ হেজাৰ টকা পৰ্যন্তৰ এখন মোটা অংকৰ বিল দেখি মূৰে কপালে হাত দিবলগীয়া হৈছে গঁঞা লোকসকল ।
অঞ্চলটোৰ লোকৰ অভিযোগ অনুসৰি, দীর্ঘদিনে মিটাৰ ৰিডিং চেক নকৰি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে নিজ ইচ্ছা মতে, ঘৰতে মাচুল প্ৰস্তুত কৰি অঞ্চলটোৰ লোকৰ হাতে-হাতে মাচুল দি যায় । অঞ্চলটোৰ প্ৰতিজন লোকে প্ৰতি মাহে বিদ্যুতৰ বিল পৰিশোধ কৰাৰ পিছতো ৰহস্যজনকভাৱে এটা মাহতে ২২ হেজাৰ টকা পৰ্যন্ত অহা বিলক লৈ ক্ষোভৰ উদ্গীৰণ হোৱাৰ উপৰিও চিন্তাত ভাগি পৰিছে দুখীয়া লোকসকল । তামুলপুৰ বিদ্যুৎ বিভাগৰ এনে মইমতালি আৰু দায়িত্বহীন কাণ্ডক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । টিভি, ফ্ৰীজ, ইনভাৰ্টাৰ নথকা তথা মাত্ৰ দুটা এল ই ডি লাইট জ্বলাওতে আহিল এই অস্বাভাৱিক বিদ্যুৎ বিল ।
উল্লেখনীয় যে, স্থানীয় ৰাইজৰ মতে বিগত কেইবা মাহৰ পৰা বিদ্যুৎ বিভাগৰ কোনো লোকে মিটাৰ ৰিডিং চেক কৰিব যোৱা নাছিল যদিও মাহৰ মূৰত বিদ্যুতৰ যি বিল আহিছিল, সেই বিল পৰিশোধ কৰি আহিছিল গাঁওবাসীয়ে । কিন্তু এমাহ পূৰ্বে বিদ্যুৎ বিভাগৰ লোক আহি মিটাৰ ৰিডিং চেক কৰাত যি মাচুল নিৰ্ধাৰণ কৰিলে, এই মাচুলে এতিয়া পানীত হাঁহ নচৰা অৱস্থা কৰিছে গাঁওবাসীৰ । যাৰ বাবে এইদৰে হাতে হাতে বিদ্যুতৰ বিল লৈ পথত ওলাই আহি বিদ্যুৎ বিভাগ হায় হায় ধ্বনিৰে উত্তাল কৰাৰ লগতে শীঘ্ৰেই বিভাগীয় লোকক ইয়াৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে সৰ্বসাধাৰণ লোকসকলে । কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল যে একে গাঁৱৰে আন কেইটিমান ঘৰৰ বিদ্যুতৰ মাচুলত হোৱা নাই কোনো ধৰণৰ সালসলনি । প্ৰশ্ন হয়, কাৰ মইমতালি চলিছে বিদ্যুৎ বিভাগৰ এই মাচুল সংগ্ৰহত ? কেনেকৈ পৰিশোধ কৰিব এই বৃহৎ বৃহৎ বিদ্যুতৰ মাচুল গাঁওবাসীয়ে ? কাৰ গাফিলতিৰ ভুক্তভুগী এতিয়া এই গাঁওবাসী ?