বাক্সা, 25 জুলাইঃ বাক্সাৰ গুৱাবাৰীত গৰাখহনী ৷ নৈৰ বুকুত উটি গৈ মৃত্যু এজনৰ । বৰনদী নৈৰ তীব্ৰ সোঁতত উটি গ'ল শংকৰ দাস (৩৫)
নামৰ এজন লোক ৷ জানিব পৰা মতে গুৱাবাৰীৰ হস্তিনাপুৰ গাঁৱৰ সুনিল দাসৰ পুত্ৰ শংকৰ দাস নামৰ লোক জনে বৰনদীৰ গৰাখহনীয়াত জাহ যোৱা নিজৰ খেতিপথাৰ চাবলৈ গৈ হঠাৎ পিচলি বৰনদীৰ প্ৰৱল সোঁতত উটি যায় লোকজন ৷
যুৱকজন উটি যোৱাত পথাৰত থকা অন্য লোকসকলে দেখা পাই স্থানীয় লোক আৰু পৰিয়ালক খবৰ দিয়ে । লগে লগে স্থানীয় লোকে তামুলপুৰ মহকুমা প্ৰশাসন আৰু আৰক্ষীক খবৰ দিয়াত তামুলপুৰ মহকুমা প্ৰশাসনে এচ.ডি.আৰ.এফ বাহিনীক খবৰ দিয়ে ৷ এচ.ডি.আৰ.এফ বাহিনী উপস্থিত হৈ নৈৰ বুকুত অনুসন্ধান চলাই যদিও ঘটনাস্থলীৰ পৰা দুই কিলোমিটাৰ দূৰৈৰ ২ নং দোঙাৰগাঁৱৰ সমীপত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়৷