বাক্সা, 29 আগষ্ট : বাক্সাৰ বাটাবাৰী সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ বনৰীয়া হাতীৰ অৰ্ধগলিত মৃতদেহ । বাটাবাৰী সংৰক্ষিত বনাঞ্চলৰ জামগুৰি বনাঞ্চলত সংঘটিত এই ভয়ংকৰ ঘটনা ।
চোৰাং চিকাৰীয়ে হত্যা কৰে ৪০/৫০ বয়সীয়া এটা বনৰীয়া হাতী । হাতীটো হত্য়া কৰি দাঁত আৰু শুৰ কাটি লৈ যায় চোৰাং চিকাৰীয়ে । ৫/৬ দিন পূৰ্বে চোৰাং চিকাৰীয়ে বনৰীয়া হতীটোক হত্যা কৰাৰ সংন্দেহ কৰিছে বন বিভাগে । গৰু চৰাবলৈ যোৱা লোকে ফোনেৰে এই ঘটনা মানাহ মাউজীগেন্দ্ৰী ইক'ট্যুৰিজিম ছ'ছাইটি নামৰ স্বেচ্ছাসেবী সংগঠনক জনায় । সংগঠনৰ সম্পাদক ৰুষ্টম বসুমতাৰীৰ নেতৃত্বত যোৱা দলটিয়ে উদ্ধাৰ কৰে হাতীটোৰ মৃতদেহ । বন সুৰক্ষা কৰ্মীৰ শিবিৰ নথকাৰ বাবেই এই ঘটনা কৰাৰ সন্দেহ সংগঠনটোৰ । বনাঞ্চলত সমান্তৰালকৈ বেদখল চলাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বনবিভাগৰ দল ।
লগতে পঢ়ক : প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ তৎপৰতাত উদ্ধাৰ লাজুকী বান্দৰ