ETV Bharat / state

কুমাৰীকাটাত দলং ভাঙি ভয়ংকৰ ট্ৰাক দুৰ্ঘটনা

author img

By

Published : Aug 20, 2020, 9:10 PM IST

তামুলপুৰৰ কুমাৰীকাটা কালানদীৰ ওপৰত থকা দলং ভাঙি ভয়ংকৰ ট্ৰাক দুৰ্ঘটনা সংঘটিত হয় ৷ উক্ত দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে চালক আৰু হেন্দীমেন জনৰ ৷

Danger Road Accident At Kumarikata Baksha
কুমাৰীকাটাত দলং ভাঙি ভয়ংকৰ ট্ৰাক দুৰ্ঘটনা

বাক্সা, 20 জুলাইঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা কালানদীৰ ওপৰত থকা টাইগাৰ দলঙত বৃহস্পতিবাৰে এখন ইটা ভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত হয় ৷ ট্ৰাকখন গৈ থকা অৱস্থাত দলং খনৰ এটা অংশ ভাঙি যোৱাৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷

ঘটনা অনুসৰি দিনৰ ভাগত কুমাৰীকাটা দিশৰ পৰা এখন ইটা ভৰ্তি AS-০১GC ৪১৬০ নম্বৰৰ এখন ট্ৰাক খৈৰানী ফাললৈ গৈ আছিল ৷ ট্ৰাকখন গৈ থকা অৱস্থাত টাইগাৰ ব্ৰীজ খনৰ মাজ অংশ ভাঙি যোৱাত সংঘটিত হয় দুৰ্ঘটনাটো । উক্ত দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন জনৰ । ৰাইজে অভিযোগ কৰা অনুসৰি এই দলংখন বহু বছৰ পুৰণি হোৱা বাবে দলং খনৰ মাজভাগত কেইবাটাও অংশ ভাঙি বৃহৎ গাঁতৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ।

ইফালে ২০১৮ বৰ্ষত ৩০ লক্ষাধিক টকা ব্যয়ৰে বিধায়ক পুঁজিৰে দলংখনৰ মেৰামতিৰ কাম কৰিছিল যদিও কাম নিম্ন মানৰ হোৱাৰ বাবে কেইমাহ মানৰ পিছতে পুনৰ দলংখনৰ মাজ ভাগত বৃহৎ গাঁতৰ সৃষ্টি হয় । ইয়াৰ ফলতেই দলংখনৰ ওপৰত সঘনাই সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ থকা বুলি স্থানীয় লোকে অভিযোগ কৰে । এই বিষয়ে স্থানীয় জন প্ৰতিনিধিক দলং খন মেৰামতিৰ বাবে আহ্বান জনাইছিল যদিও জনপ্ৰতিনিধি গৰাকীয়ে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ কৰে ৰাইজে । ফলত এনেকৈয়ে দলং খনৰ ওপৰেৰে ভয়ংকৰ যাতায়াত কৰিবলগীয়া হোৱাত এতিয়া শংকিত হৈ পৰিছে ৰাইজ ৷

লগতে পঢ়ক- সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত বিচাৰি চিৰাঙত আমছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.