ETV Bharat / state

Cyber crime in Baska: শালবাৰী আৰক্ষীৰ জালত ঝাৰখণ্ডৰ তিনি চাইবাৰ অপৰাধী - Cyber crime in Baska

বাক্সাৰ শালবাৰী আৰক্ষীৰ জালত ঝাৰখণ্ডৰ তিনি চাইবাৰ অপৰাধী । ভুৱা ফোনকলেৰে বিভিন্ন বেংক উপভোক্তাৰ পৰা তথ্য সংগ্ৰহ কৰি লুটিছিল লক্ষ লক্ষ টকা । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত শালবাৰী আৰক্ষীয়ে অভিযান চলাই ঝাৰখণ্ড আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে তিনি অভিযুক্তক(cyber criminal arrest by baska police in jharkhand)।

Cyber crime in Baska
শালবাৰী আৰক্ষীৰ জালত ঝাৰখণ্ডৰ তিনি চাইবাৰ অপৰাধী
author img

By

Published : Aug 6, 2022, 2:10 PM IST

বাক্সা, ৬আগষ্ট: বাক্সা জিলাৰ শালবাৰীৰ শিমলা আৰক্ষীৰ জালত পৰিল ঝাৰখণ্ডৰ চাইবাৰ অপৰাধীৰ এটা চক্ৰ(cyber criminal arrest by baska police in Jharkhand)৷ নিজকে বেংকৰ বিষয়া বুলি পৰিচয় দি ভুৱা ফোনকলেৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিভিন্ন উপভোক্তাৰ একাউণ্টৰ পৰা ধন লুট কৰি আহিছিল এই চক্ৰটোৱে ৷ পাছত ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত শিমলা থানাৰ আৰক্ষী বিষয়া অভিজিৎ গগৈৰ লগত আৰক্ষীৰ এটা দলে অভিযান চলাই ঝাৰখণ্ড আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে তিনি অভিযুক্তক । আৰক্ষীৰ জালত পৰা অভিযুক্ত কেইজন হৈছে ঝাৰখণ্ডৰ ছিটাকাটা গাঁৱৰ অভিষেক দাস, অপু কুমাৰ দাস আৰু নন্দন দাস ৷

উল্লেখ্য যে শিমলাৰ বিৰফুং বসুমতাৰী নামৰ ব্যক্তি এজনৰ পৰা কেইদিনমান পূৰ্বে এই চক্ৰটোৱে ভুৱা ফোনকলেৰে SBI YONO Software এক্টিভ কৰি দিয়াৰ কথা কৈ বিশেষ কায়দাৰে তথ্য সংগ্ৰহ কৰি সৰকাইছিল ২২,৫০০ হেজাৰ টকা ৷ ইয়াৰ পাছতে ভুক্তভোগী বসুমতাৰীয়ে শিমলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।তেওঁৰ এজাহাৰৰ ভিত্তিতে শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰি অৱশেষত ঝাৰখণ্ড আৰক্ষীৰ সহযোগত জামতাৰা জিলাৰ ছিটাকাটা গাঁৱৰ পৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

শালবাৰী আৰক্ষীৰ জালত ঝাৰখণ্ডৰ তিনি চাইবাৰ অপৰাধী

যোৱা ৪ আগষ্টত ঝাৰখণ্ডৰ পৰা শিমলা থানালৈ অনা হয় তিনি অভিযুক্তক ৷ এই তিনি অভিযুক্তই অসমৰ বিভিন্ন জিলাৰ ভিন্ন ব্যক্তিৰ পৰা ইতিমধ্যে মোটা পৰিমানৰ ধন সৰকাইছিল বুলি আৰক্ষীয়ে উল্লেখ কৰিছে ৷ শিমলা আৰক্ষীৰ জিম্মাত থকা এই তিনি অভিযুক্তক আদালতত হাজিৰ কৰি পুনৰ আৰক্ষীয়ে জিম্মাত বিচাৰিব বুলিও জানিব পৰা গৈছে । আনহাতে, ৰাইজক এনে ভুৱা ফোনকলৰ পৰা সজাগ হৈ থাকিবলৈ আৰক্ষীয়ে আহ্বান জনাইছে । শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই লগতে কোনোবা ব্যক্তি এনে ঘটনাৰ বলি হ'লে তাৎক্ষণিক ভাৱে আৰক্ষীক অৱগত কৰিবলৈকো আহ্বান জনাইছে ৷

লগতে পঢ়ক:etv comment image Bike Thief Arrested: লাহৰীঘাটৰ কছাৰীবড়ীত 5 অভিযুক্তসহ জব্দ 14 খন বাইক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.