ETV Bharat / state

বাক্সাত ক’ভিড-19ত আক্ৰান্তৰ সংখ্যা 1014লৈ বৃদ্ধি

বাক্সাত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ১০১৪ গৰাকীলৈ বৃদ্ধি ৷ ১৬ গৰাকীৰ মৃত্যু ৷ তীব্ৰ গতিৰে চলিছে ক'ভিড পৰীক্ষা ৷

author img

By

Published : May 19, 2021, 7:14 PM IST

covid-patient-rises-to-1014-at-baksa-district
বাক্সাত ক’ভিড-19ত আক্ৰান্তৰ সংখ্যা 1014লৈ বৃদ্ধি

বাক্সা, ১৯ মে ': সমগ্ৰ দেশতে কৰ’ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তেই বাক্সা জিলাৰ স্বাস্থ্য বিভাগে সচেতনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে । বাক্সা জিলাত ক'ভিড -১৯ ৰ পৰীক্ষা তীব্ৰ গতিৰে কৰিছে জিলা স্বাস্থ্য বিভাগে ।

জিলাখনৰ বৰমা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ও বৰমা সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ তত্বাৱধানত বুধবাৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত পথচাৰীৰো ক'ভিড-১৯ টেষ্ট কৰা পৰিলক্ষিত হয় । অৱশ্যে চিকিৎসাকৰ্মী সকলে জানিবলৈ দিয়া অনুসৰি ক’ভিড পৰীক্ষা কৰা এজনো পথচাৰীৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ধৰা পৰা নাই ।

উল্লেখ্য যে, বাক্সা জিলাত ক্ৰমান্বয়ে ক'ভিড মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে । জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘন্টাৰ ভিতৰত বাক্সা জিলাত নতুনকৈ ৭৭ গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷

এইপৰ্যন্ত জিলাখনত মুঠ ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 1014 গৰাকী ৷ ইয়াৰে 340 গৰাকী ক’ভিড ৰোগী ইতিমধ্যে আৰোগ্য লাভ কৰাৰ বিপৰীতে 658 গৰাকী ক’ভিড ৰোগী বৰ্তমানো সক্ৰিয় হৈ আছে ৷

জিলা স্বাস্থ্য বিভাগৰ এক তথ্য অনুসৰি সম্প্ৰতি জিলাখনৰ 29 গৰাকী ক’ভিড ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ লগতে 630 গৰাকী ক’ভিড ৰোগী হোম আইচ'লেশ্যনত আছে ৷ উল্লেখ্য যে, বাক্সা জিলাত মঙলবাৰৰ দিনটোত তিনিগৰাকী লোক ক’ভিড-19ত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰাৰ ফলত জিলাখনৰ মুঠ ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 16 জনলৈ বৃদ্ধি পালে ৷

লগতে পঢ়ক : যোৰহাটত আটক ভূৱা দণ্ডাধীশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.