বাক্সা, 12 ছেপ্টেম্বৰ : বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাক্ মুহুৰ্তত তামুলপুৰৰ আনন্দ বজাৰত উত্তপ্ত পৰিস্থিতি । দৰংগাজুলি পৰিষদীয় সমষ্টিত বিপিএফ কৰ্মী জঁপিয়াই পৰিল বিজেপি দলৰ কৰ্মীৰ ওপৰত । জানিব পৰা মতে আনন্দ বজাৰ অঞ্চলৰ বিজেপি দলৰ কৰ্মী মণিৰাম ৰাভাক কিছুদিন আগতে বিপিএফ দলৰ কৰ্মী টোপেশ্বৰ ৰাভাই প্ৰাণে মাৰাৰ ভাবুকি দিছিল ।
শনিবাৰে দিনৰ ভাগত মণিৰাম ৰাভা ঘৰৰ পৰা বিজেপি কাৰ্যালয়লৈ গৈ থকা সময়ত পথৰ দাঁতিত টোপেশ্বৰ ৰাভাই ৰখাই বাক বিতণ্ডাত লিপ্ত হয় । স্থানীয় ৰাইজ ঘটনা স্থলীত উপস্থিত হৈ মণিৰাম ৰাভাক আঁতৰাই নিয়াৰ চেষ্টা কৰাৰ সময়তে বিপিএফ দলৰ কৰ্মী টোপেশ্বৰ ৰাভাই বিজেপি দলৰ কৰ্মী মণিৰাম ৰাভাক শিলেৰে মূৰত আক্ৰমণ কৰে ।
ঘটনাৰ পাচতেই বিজেপি দলৰ কৰ্মী সকলে মণিৰাম ৰাভাক তামুলপুৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায় ৷ ঘটনা সংক্ৰান্তত তামুলপুৰ আৰক্ষী চকীত টোপেশ্বৰ ৰাভাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে বিজেপি কৰ্মীসকলে । সম্প্ৰতি এই ঘটনাক লৈ দৰংগাজুলি পৰিষদীয় সমষ্টিত চাঞ্চল্যই বিৰাজ কৰিছে ।
নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও পূৰ্ণ গতিত বিটিচিত চলিছে নিৰ্বাচনী কুচকাৱাজ ৷ দলীয় সভাৰ লগতে ভোটাৰক আকৃষ্ট কৰিবলৈ ভিন্ন স্থানত দল সমূহে আয়োজন কৰিছে নিৰ্বাচনী সভা ৷ বিটিচিত মূলতঃ বিপিএফ আৰু ইউ পি পি এলৰ মাজতেই মূল নিৰ্বাচনী যুঁজ অনুষ্ঠি হোৱাৰ সম্ভাৱনা আছে যদিও নৱ শৰণীয়াৰ গণ সুৰক্ষা শক্তি দলেও অবড়ো অধ্যুষিত এলেকাসমূহত প্ৰভাৱ বিস্তাৰ কৰিব বুলি অনুমান কৰা যায় ৷
আনহাতে গুৰুত্ব পূৰ্ণ কথাটো হ’ল যে, মিত্ৰতা অক্ষুন্ন থকাৰ পাচতো বিটিচি নিৰ্বাচনত পৃথকে পৃথকে প্ৰাৰ্থী ঠিয় কৰাইছে বিপিএফ আৰু বিজেপিয়ে ৷ যাৰ ফলশ্ৰুতিত বিটিচি পৰিষদীয় নিৰ্বাচনত ঘোৰ প্ৰতিদ্বন্দী ৰূপে ভূমিকা পালন কৰিছে দুয়োটা দলে ৷
লগতে পঢ়ক : আঞ্চলিক ৰাজনৈতিক সমীকৰণ : সংগঠিত নহ'লে লাভান্বিত হ’ব নেকি বিজেপি !