ETV Bharat / state

Teacher Attack in Baksa: এখন ছেলফিৰ বাবেই শিক্ষকক গুৰুলা গুৰুলকৈ প্ৰহাৰ - শালবাৰী থানা

যুৱতীৰ লগত ফটো উঠাৰ বাবেই এজন শিক্ষকক গুৰুলা গুৰুলকৈ প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে ৷ বাক্সাৰ শালবাৰীত সংঘটিত হৈছে এই ঘটনা ৷ এবছু কৰ্মীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত শিক্ষকজন (Teacher attack by ABSU workers in Baksa)৷

Teacher attack by ABSU workers in Baksa
এখন ছেলফিৰ বাবেই শিক্ষকক গুৰুলা গুৰুলকৈ প্ৰহাৰ
author img

By

Published : May 25, 2022, 8:13 PM IST

বাক্সা, ২৫ মে’: বাক্সাৰ শালবাৰীত এবছু কৰ্মীয়ে গুণ্ডাৰাজ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ কম্পিউটাৰৰ শিক্ষকক কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা উঠাই নি গুৰুলাগুৰুলকৈ প্ৰহাৰৰ ঘটনা সংঘটিত হৈছে বাক্সাৰ শালবাৰীত ৷ শালবাৰী এবছু কাৰ্যালয়ত সংঘটিত হয় এই ঘটনা (Teacher attack by ABSU workers in Baksa) ৷

এবছু কৰ্মীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে কম্পিউটাৰ শিক্ষক জ্যোতিষ দাস ৷ এগৰাকী যুৱতীৰ লগত ফটো উঠাক কেন্দ্ৰ কৰিয়েই সংঘটিত হয় এই ঘটনা ৷ শালবাৰীৰ শান্তি বজাৰৰ কম্পিউটাৰ শিক্ষক জ্যোতিষ দাসে এগৰাকী বড়ো সম্প্ৰদায়ৰ সহকৰ্মীৰ লগতে আন এগৰাকী বড়ো বান্ধৱীৰ লগত চেল্ফী উঠিছিল দুদিনমান পূৰ্বে ৷

এখন ছেলফিৰ বাবেই শিক্ষকক গুৰুলা গুৰুলকৈ প্ৰহাৰ

তাৰ বাবেই খৰ্গহস্ত হৈ শিক্ষকজনক এবছুৰ কাৰ্যালয়লৈ নি প্ৰথমেই জ্যোতিষ দাসৰ মোবাইলৰ সকলো তথ্য হস্তগত কৰে ৷ ইয়াৰ পাছতেই শিক্ষকগৰাকীক হাতেৰে মাৰধৰ কৰি পৰৱৰ্তী সময়ত লাঠিৰে কোবাই কোবাই গুৰুতৰভাৱে আহত কৰে বুলি অভিযোগ উত্থাপন কৰিছে ৷ ঘটনাৰ কথা জানিব পাৰি জ্যোতিষ দাসৰ মাতৃয়ে শালবাৰীৰ এবছুৰ কাৰ্যালয়ত উপস্থিত হৈ মূৰ্মুষ অৱস্থাত উদ্ধাৰ কৰে নিজ পুত্ৰক (Computer teacher attacked in Baksa) ৷

উন্মত্ত এবছু কৰ্মীসকলে উকা কাগজত মাতৃৰ স্বাক্ষৰ লৈ মুকলি কৰি দিয়ে জ্যোতিষ দাসক ৷ এবছু কৰ্মীসকলে সংঘটিত কৰা এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে এবছু কৰ্মীসকলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ ৷ ইতিমধ্যে ভুক্তভোগী জ্যোতিষ দাসৰ পৰিয়ালৰ ফালৰপৰা শালবাৰী থানাত(Salbari police station) দাখিল কৰা হৈছে এজাহাৰ ৷

আৰক্ষীৰ ক্ষীপ্ৰ তদন্তৰ দাবী কৰি এইক্ষেত্ৰত ন্যায় বিচাৰিছে পৰিয়ালটোৱে ৷

লগতে পঢ়ক: Viral video : বনৰীয়া গাহৰিৰ অতৰ্কিত আক্ৰমণত আহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.