ETV Bharat / state

চিৰাঙ জিলা গাঁওৰক্ষী বাহিনীৰ বাৰ্ষিক অধিৱেশন উদযাপন

author img

By

Published : Feb 12, 2021, 8:13 PM IST

চিৰাঙ জিলা গাঁওৰক্ষী বাহিনীৰ বাৰ্ষিক অধিৱেশন আৰু 72 সংখ‍্যক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ চিৰাঙৰ জিলা সদৰ পেৰেড গ্ৰাউণ্ডত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় গাঁওৰক্ষী বাহিনীৰ বাৰ্ষিক অধিৱেশন ৷ গাঁওৰক্ষী বাহিনীৰ লোকসকলৰ দ্বাৰা গছপুলি ৰোপনৰ লগতে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন ৷

chirang dist vdp convention and foundation day observed

চিৰাঙ, 12 ফেব্ৰুৱাৰী: চিৰাঙৰ জিলা সদৰ পেৰেড গ্ৰাউণ্ডত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে গাঁওৰক্ষী বাহিনীৰ বাৰ্ষিক অধিৱেশনৰ লগতে 72 সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয় ৷ পুৱা 9 বজাত জিলা উপায়ুক্ত গৌতম তালুকদাৰে পতাকা উত্তোলনেৰে উক্ত অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷

পতাকা উত্তোলনৰ পাছতে চিদলী থানাৰ চক্ৰ সংগঠক বিনয় বসুমতাৰীয়ে গা‍ঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰাৰ পাছতে বিজনী থানাৰ চক্ৰ সংগঠক সুজিত সাহাই শ্বহীদ বেদীত মাল্যাৰ্পন কৰে ৷ গাঁওৰক্ষী বাহিনীৰ লোকসকলৰ দ্বাৰা গছপুলি ৰোপন আৰু শোভাযাত্ৰা আদি কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয় ৷

শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে গাঁওৰক্ষী বাহিনীৰ বাৰ্ষিক অধিৱেশন উদযাপন কৰা হয়

বিয়লি এক বজাৰ পৰা অৱসৰপ্ৰাপ্ত শিক্ষক শেখ এৰচাদ আলীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰে গাঁওৰক্ষী বাহিনীৰ জন্ম বৃত্তান্তৰ লগতে আৰক্ষী প্ৰশাসনত গাঁওৰক্ষী বাহিনীৰ ভূমিকা সন্দৰ্ভত বিতং বাখ্যা আগবঢ়ায় ৷ গাঁওৰক্ষী বাহিনীক আৰক্ষীৰ চকু, নাক আৰু কাণ আখ্যা দি চিৰাঙৰ জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে আৰক্ষীৰ সকলো কামতে গাঁওৰক্ষী বাহিনীৰ সহায়ৰ প্ৰয়োজন বুলি মন্তব্য কৰে ৷ অসমত জন্মলাভ কৰা গাঁওৰক্ষী বাহিনীয়ে এতিয়া দেশৰ অন্যান্য ৰাজ্যসমূহতো সমাদৰ লাভ কৰিছে বুলিও সিঙে মন্তব্য কৰে ৷

মুকলি সভাখনত অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্মৰ লগতে বঙাইগাঁও জিলা গা‍ঁওৰক্ষী বাহিনীৰ উপদেষ্টা দিব‍্যজোতি দত্তই নিজৰ বক্তব্য প্ৰদান কৰে ৷ মুকলি সভাখনতেই অসম গাঁওৰক্ষী বাহিনীৰ 72 সংখ্যক প্ৰতিষ্ঠা দিৱসত পুৰস্কৃত হোৱা চিৰাঙৰ বিজনীৰ দক্ষিণ মনেশ্বৰিৰ সম্পাদক জীৱন চন্দ্ৰ ৰায়ক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

লগতে পঢ়ক:চিৰাঙৰ পানবাৰীত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.