ETV Bharat / state

মুছলপুৰ পৰিদৰ্শন মুখ্য সচিব-আৰক্ষী সঞ্চালক প্ৰধানৰ

author img

By

Published : Sep 4, 2020, 11:30 PM IST

মুছলপুৰত শুকুৰবাৰে উপস্থিত হয় ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ বিটিএডিৰ চাৰিওখনৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক তথা বিটিচি মুৰব্বী বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে মুখ্য সচিব তথা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

chief secretary visited BTAD baksa assam etv bharat news
গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মুখ্য সচিব-আৰক্ষী সঞ্চালক প্ৰধানৰ

বৰমা,4 চেপ্তেম্বৰ: বাক্সাৰ মুছলপুৰত শুকুৰবাৰে উপস্থিত হয় ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ বিটিএডিৰ চাৰিওখনৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক তথা বিটিচি মুৰব্বী বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে মুখ্য সচিব তথা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ বিটিএডিৰ জিলাকেইখনৰ উন্নয়নমূলক আঁচনি তথা নিৰাপত্তাৰ সন্দৰ্ভত দলটোৱে বৈঠকখনত আলোচনা কৰে ৷

মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক সংবাদমেলত অংশ লৈ বিটিআৰ চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আলোচনা কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ মুখ্য সচিবগৰাকীয়ে কোভিড-১৯ ৰ লগতে জিলাসমূহৰ আইন-শৃংখলাজনিত বিষয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠকত আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে ৷ কিন্তু বিটিচি নিৰ্বাচন সন্দৰ্ভত কোনো স্পষ্ট মত প্ৰকাশ নকৰিলে মুখ্য সচিবগৰাকীয়ে ৷

নিৰ্বাচনৰ সময়ত যাতে কোনো অবৈধ অস্ত্ৰ-শস্ত্ৰৰ পৰা হিংসাত্মক কাৰ্য সৃষ্টি নহয় সেই বিষয়ত অধিক গুৰুত্ব দিবলৈ আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে,উক্ত বৈঠকত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, গৃহ বিভাগৰ এডিজিপি হীৰেণ নাথ, বিটিএডিৰ প্ৰশাসক ৰাজেশ প্ৰসাদৰ লগতে বিটিএডিৰ অন্যান্য কেইবাগৰাকীও বিষয়া উপস্থিত থাকে ৷

লগতে চাওকঃ ৰাজ্যত কৰ‘ণা ভাইৰাছৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কি ক'লে তৰুণ গগৈয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.