ETV Bharat / state

চাপাগুৰিত ইউপিপিএলৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত

বাক্সাত চাপাগুৰি সমষ্টিত অব্যাহত আছে ইউপিপিএল দলৰ প্ৰাৰ্থিত্বকেন্দ্রিক সংঘাত । চাপাগুৰি সমষ্টিত চালানী নহয় লোকেল প্ৰাৰ্থী প্ৰদান কৰাৰ দাবী প্ৰাৰ্থিত্ব প্ৰত্যাশী দীপক বসুমতাৰীৰ সমৰ্থকৰ ।

author img

By

Published : Mar 18, 2021, 5:50 PM IST

চাপাগুৰিত ইউপিপিএলৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত
চাপাগুৰিত ইউপিপিএলৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত

বাক্সা,১৭ মাৰ্চ: ইউপিপিএলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছতে ক্ষোভিত হৈ পৰিছে বাক্সাৰ চাপাগুৰি সমষ্টিৰ দলীয় কৰ্মীসকল ৷ চালানী মাছ নহয় লোকেল মাছ দিবলৈ দাবী জনাই ইউপিপিএল দলৰ কৰ্মীসকলে ৷

স্থানীয় কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম আৰু মুছলপুৰ জিলা ইউপিপিএল দলৰ সম্পাদক দয়াল শৰণীয়াৰ ষড়যন্ত্ৰৰ বাবে স্থানীয় ব্যক্তিয়ে প্ৰাৰ্থিত্ব নাপালে বুলি অভিযোগ কৰে দলীয় কৰ্মকৰ্তাসকলে ৷ ইউ জি ব্ৰহ্মৰ প্ৰাৰ্থিত্ব কোনোপধ্যে মানি নলয় বুলি জানিব দি দীপক বসুমতাৰীক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বুলি হুংকাৰ দিয়ে কৰ্মীসকলে ৷

উল্লেখ্য যে, বাক্সাৰ ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টিত এইবাৰ ইউপিপিএল দলৰ উপ সভাপতি দীপক বসুমতাৰীসহ চাৰিজন দলীয় নেতাই প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছিল ৷ কিন্তু সমষ্টিটোৰ কোনো দলীয় কৰ্মকৰ্তা সকলৰ সৈতে আলোচনা নকৰি দলীয় নেতৃত্বই ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰে ৷ ফলত সমষ্টিটোত স্থানীয় যোগ্য প্ৰাৰ্থী থকাৰ পিছতো বাহিৰৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাত স্বাভাৱিকতে সমষ্টিটোৰ দলীয় কৰ্মকৰ্তাসকল ক্ষোভিত হৈ পৰে ৷

বৃহস্পতিবাৰে দীপক বসুমতাৰীৰ সমৰ্থকসকলে দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভিত হৈ প্ৰতিবাদ কৰাৰ লগতে শুকুৰবাৰে দীপক বসুমতাৰীয়ে নিৰ্দলীয়ভাৱে মনোনয়ন দিব বুলি জানিবলৈ দিয়ে ৷ সমৰ্থকসকলে দলৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম আৰু জিলা সম্পাদক দয়াল শৰণীয়াই ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰি কয় যে পৰিৱৰ্তনৰ বাবে কৰ্মীসকলে কাম কৰিলেও পৰিষদীয় চৰকাৰখনে কামৰ নামত ৩০ শতাংশ কমিচন বিচাৰি হাৰাশাস্তি কৰি আহিছে ৷ আনকি চৰকাৰী চাকৰি দিয়াৰ নামত একাংশ দালালে ধন সংগ্ৰহ কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক: জিলা উপায়ুক্তৰ এখন পত্ৰক লৈ নলবাৰীত তীব্ৰ প্ৰতিক্ৰিয়া

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.