বাক্সা, ২২ জানুৱাৰী: বিটিচি নিৰ্বাচনত ককলাবাৰী পৰিষদীয় সমষ্টিৰ পৰা জয়লাভ কৰা পাচত প্ৰথম বাৰৰ বাবে শুকুৰবাৰে জালাহ সমষ্টিত উপস্থিত হৈছে বিটিচি প্ৰধান প্ৰমোদ বড়ো ৷ বিপুল ভোটেৰে জয়লাভ কৰা নেতা গৰাকীক উষ্ম আদৰণি জনায় জালাহ বাসীয়ে ৷ এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি বিটিচি প্ৰধান গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে সমষ্টিবাসীয়ে ৷
বিটিচিত উগ্ৰপন্থী সমস্যা সমাধান হৈ শান্তিৰ বাতাবৰন ঘুৰি আহিছে: প্ৰমোদ বড়ো উল্লেখ্য যে,বিটিচি প্ৰধান গৰাকীয়ে জালাহত উপস্থিত হৈ পূৰ্বেৰে পৰা জালাহত থকা বড়ো আৰু অবড়োৰ মাজৰ সংঘাত চৰকাৰ গঠনৰ পাচতে নিৰ্মূল হোৱা বুলি মন্তব্য কৰাৰ লগতে বিটিচিত উগ্ৰপন্থী সমস্যা সমাধান হৈ শান্তিৰ বাতাবৰণ ঘূৰি আহিছে বুলিও মন্তব্য কৰে ৷ ইফালে সভাখনতে চৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীক সকিয়নী দি প্ৰমোদ বড়োৱে কয় যে সময়মতে চৰকাৰী কাৰ্যালয়ত উপস্থিত নহ'লে চাকৰি এৰি যাব লাগিব কৰ্মচাৰী সকলে ৷
লগতে পঢ়ক: জোনবিলত সম্পন্ন হ’ল ঐতিহাসিক বিনিময় প্ৰথা