ETV Bharat / state

শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষৰ ইউপিপিএলত যোগদান

বাক্সাৰ তামুলপুৰত ইউপিপিএল দলত যোগদান শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ দীপক ডেকা শৰণীয়াৰ ।

author img

By

Published : Mar 12, 2020, 8:43 AM IST

Updated : Mar 12, 2020, 8:59 AM IST

শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষৰ ইউপিপিএলত যোগদান
শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষৰ ইউপিপিএলত যোগদান

বাক্সা, 12 মাৰ্চ : বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ গৰম হৈ পৰিছে ৰাজনীতি । ইতিমধ্যে নিৰ্বাচনী আয়োগে বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ অধিসূচনা জাৰী কৰিছে । মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত বিভিন্ন দল সংগঠনৰ নেতাই ৰাজনৈতিক দলত যোগদান কৰা পৰিলক্ষিত হৈছে ৷ বুধবাৰে বাক্সাৰ তামুলপুৰৰ ইউপিপিএল দলৰ কাৰ্য্যালয়ৰ অনুষ্ঠিত এখন সভাত দলৰ সভাপতি প্ৰমোদ বড়োৰ উপস্থিতিত শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ দীপক ডেকা শৰণীয়াই সদলবলে দলটোত যোগদান কৰে ।

দলটোত যোগদান কৰি শৰণীয়াই কয় যে, 'যিহেতু ষষ্ঠ অনুসূচীৰ বিভিন্ন ভাষা-ভাষী জাতি জনগোষ্ঠীৰ উন্নয়নৰ ভাগ বতৰা ইয়াতে হয় আৰু ১৭ বছৰে বিটিচিত যি সম উন্নয়ন, বিকাশ হ'ব লাগিছিল তেনেকুৱা নহ'ল । ১৭ বছৰে বিটিচিত অনাকাংক্ষিত পৰিস্থিতি আছিল সেয়া প্ৰমোদ বড়োৰ নেতৃত্বত অৱসান ঘটিল । যাৰ বাবে আজি ইউপিপি দলত যোগদান কৰিছো আৰু এই ১৭ বছৰত বিপিএফে তামুলপুৰত কোনো চানেকি দাঙি ধৰিবলৈ সক্ষম নহ'ল ৷'

উল্লেখ্য যে সভাত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতাকে ধৰি, অবড়ো সুৰক্ষা সমিতি, প্ৰাক্তন এনডিএফবি, পিপুলচ জইন্ট এক্সন ফৰ বড়োলেণ্ড মুভমেন্ট আৰু বিপিএফৰ দলৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ লগতে প্ৰায় তিনি শতাধিক পুৰুষ মহিলাই ইউপিপিএল দলত যোগদান কৰে ।

Last Updated : Mar 12, 2020, 8:59 AM IST

For All Latest Updates

TAGGED:

BTC Election
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.