বৰমা, 18 মাৰ্চঃ আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ মঙলবাৰে মনোনয়ন দখিলৰ অন্তিম দিন আছিল । মঙলবাৰে বাক্সা জিলাৰ মুছলপুৰত ২২ কোকলাবাৰী পৰিষদীয় সমষ্টিৰ পৰা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে মনোনয়নপত্ৰ দাখি কৰে । ইয়াৰ পিছতেই সমষ্টিটোৰ পৰা মনোনয়ন দাখিল কৰে বিপিএফ দলত নতুনকৈ যোগদান কৰা এনডিএফবিৰ সভাপতি ধীৰেণ বড়োৱে । সমান্তৰালকৈ ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ পৰা মনোনয়ন দখিল কৰে ইউপিপিএল দলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্ম, ২৫ নং বাগানপাৰা সমষ্টিৰ পৰা বিজেপিৰ আৰতী বৰদলৈ, ২৩ নং দিহিৰা সমষ্টিৰ পৰা গণ সুৰক্ষা মঞ্চৰ পৰা ঘনস্যাম দাস আৰু বিজেপি দলৰ প্ৰাৰ্থী তীৰ্কীয়ে । উক্ত মনোনয়ন দখিল প্ৰক্ৰিয়াত বিজেপিৰ প্ৰাৰ্থী আৰতি বৰদলৈক সংগ দিয়ে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্লৱ বৰুৱা আৰু প্ৰাক্তন মন্ত্ৰী ৰেখা ৰাণী দাস বড়োৱে ।
লগতে পঢ়ক-কচুগাঁৱত অনুষ্ঠিত যুৱ সমাৰোহত তিনি সহস্ৰাধিকৰ যোগদান বিপিএফত