বাক্সা,13 মাৰ্চঃ আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে ইউপিপিএল দল সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে । শুকুৰবাৰে গোৰেশ্বৰৰ নাওকাটাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ইউ পি পি এল দলৰ বিশাল সভা অনুষ্ঠিত কৰা হয় । সভাখনত উপস্থিত থাকে দলটোৰ সভাপতি প্ৰমোদ বড়োৰ লগতে কেইবাগৰাকী বিষয়ববীয়া ৷ সভাত উপস্থিত থাকি বড়োৱে দুই-এদিনতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ কথা ঘোষণা কৰে ৷ চাওৰাইগ্ৰা বিপিএফত যোগদান কৰা সম্পৰ্কত প্ৰমোদ বড়োৱে কয় যে, "তেখেতে যিটো চুক্তি কৰিছে হাগ্ৰামা মহিলাৰীয়ে নসাৎ কৰিছে । এতিয়া তেখেতে গম পাব নিজে কৰা চুক্তিখন কেনেদৰে ৰূপায়ণ কৰিব" ৷
উল্লেখ্য যে, মুনমুন ব্ৰহ্ময়ে কোকৰাঝাৰত সংবাদমেলযোগে এবছু আৰু ইউপিপিএলে শাসনৰ নামত ১৫বছৰে লুটি-পুটি খোৱা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল । সেই সম্পৰ্কতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰমোদ বড়োৱে ৷ ইপিনে, ইউপিপিএলৰ সভাখনৰ ফলত বিপিএফৰ গণেশ কছাৰীৰ শুক্লাইচেৰফাং সমষ্টিত মোক্ষম আঘাত পৰা দেখা গৈছে । উক্ত নিৰ্বাচনী সভাতে বিপিএফ, অবড়ো, কংগ্ৰেছ আদি দলৰ প্ৰায় আঠ সহস্ৰাধিক লোকে ইউ পি পি এলত যোগদান কৰে ।
লগতে চাওকঃবিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত ভূৱনেশ্বৰ কলিতা,অজিত ভূঞা,বিশ্বজিৎ দৈমাৰী