ETV Bharat / state

বাক্সা জিলাৰ নিৰ্বাচনী ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী হেলিনা দৈমাৰী

বড়ো বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী হেলিনা দৈমাৰীক বাক্সা জিলাৰ নিৰ্বাচনী ব্ৰেণ্ড এম্বেছাদৰ হিছাপে নিযুক্তি । সকলো ভোটাৰ ৰাইজক তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী হেলিনা দৈমাৰীৰ ।

বাক্সা জিলাৰ নিৰ্বাচনী ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী হেলিনা দৈমাৰী
বাক্সা জিলাৰ নিৰ্বাচনী ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী হেলিনা দৈমাৰী
author img

By

Published : Mar 8, 2021, 7:08 PM IST

বাক্সা, ৮ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে বাক্সা জিলা প্ৰশাসন । ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ বাবে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে বড়ো বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী হেলিনা দৈমাৰীক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্ত কৰে বাক্সা জিলা প্ৰশাসনে ।

ইফালে, সজাগতা সৃষ্টি কৰাৰ কাৰণে এটা মিউজিক ভিডিঅ' প্ৰস্তুত কৰি থকা বুলি জানিবলৈ দিয়ে ব্ৰেণ্ড এম্বেছাদৰ গৰাকীয়ে । ভোটাৰ ৰাইজক সজাগ কৰিবলৈ যি সজাগতামূলক গীত প্ৰস্তুত কৰা হৈছে সেয়া সংবাদ মাধ্যমৰ দ্বাৰা সকলো ভোটাৰ ৰাইজলৈকে প্ৰচাৰ কৰিবলৈ আহ্বান জনায় দৈমাৰীয়ে । লগতে সকলো ভোটাৰ ৰাইজক তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় অভিনেত্ৰীগৰাকীয়ে । উল্লেখ্য যে, বাক্সাত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: আমাক হাতী নালাগে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.