ETV Bharat / state

বিটিচিত ৰাজ্যপালৰ শাসন কাল বৃদ্ধিৰ পোষকতা নকৰে বিপিএফে - প্ৰবীণ বড়ো

বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বাক্সাত প্ৰতিবাদী বাইক ৰেলী ৷ বাক্সাৰ মুছলপুৰত মুছলপুৰ জিলা বিপিএফ সমিতিৰ উদ্যোগত কেইবাশতাধিক লোকৰ বাইকেৰে প্ৰতিবাদ ৷ ৰাজ্যপালৰ শাসন সমাপ্ত হোৱাৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী ৷ শীঘ্ৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে ৰাজ্যাপালৰ শাসন বৃদ্ধি নকৰাৰ দাবী প্ৰতিবাদকাৰীৰ ৷

বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বাক্সাত বাইক ৰেলী

author img

By

Published : Oct 1, 2020, 3:32 PM IST

বৰমা, 1 অক্টোবৰ : বিটিচিত অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে বাক্সাত বিপিএফৰ প্ৰতিবাদ ৷ বৃহস্পতিবাৰে বাক্সাৰ মুছলপুৰ জিলা বিপিএফ সমিতিৰ উদ্যোগত বাইক ৰেলীৰে প্ৰতিবাদী সমদল বাহিৰ কৰি বিপিএফে নিৰ্বাচনৰ দাবী জনাই ৷ বিটিচিত প্ৰৱৰ্তিত হৈ থকা ৰাজ্যপালৰ শাসন সমাপ্ত হোৱাৰ পূৰ্বেই নিৰ্বাচনৰ দাবী জনাইছে বিপিএফ দলে ৷ শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী উত্থাপন কৰাৰ ওপৰিও ৰাজ্যপালৰ শাসন পুনৰ বৃদ্ধি নকৰিবলৈও প্ৰতিবাদকাৰী সকলে উত্থাপন কৰে ৷

ৰাজ্যপালৰ শাসন সমাপ্ত হোৱাৰ পূৰ্বেই নিৰ্বাচনৰ দাবী বিপিএফৰ

'আমাক নিৰ্বাচন লাগে' , 'বিপিএফ জিন্দাবাদ', 'হাগ্ৰামা মহিলাৰী জিন্দাবাদ' আদি শ্ল’গানেৰে মুছলপুৰৰ আকাশ উত্তাল কৰি বিপিএফৰ জিলা কাৰ্যালয়ৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰী সকলে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী জনায় ৷ প্ৰতিবাদকাৰী সকলে অভিযোগ কৰি কয় যে ক'ৰণা মহামাৰীৰ বাবে এপ্ৰিল মাহত হ'ব লগা নিৰ্বাচন স্থগিত কৰি বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰিছিল ৷ কিন্তু অতি সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছতো নিৰ্বাচন আয়োগ কিম্বা ৰাজ্য চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷

এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ফালৰ পৰা গুৰুত্বহীনতাৰ অভিযোগ তুলি ৰাজ্যপালৰ শাসন সমাপ্ত হোৱাৰ পূৰ্বেই বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী উত্থাপন কৰে ৷ প্ৰতিবাদী সমদলত বিপিএফ দলৰ কেন্দ্ৰীয় সম্পাদক প্ৰবীণ বড়োৰ লগতে মুছলপুৰ জিলা বিপিএফৰ সভাপতি থানেশ্বৰ বসুমতাৰীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: আইনৰ দ্বাৰা স্বীকৃত বিটিচি কোনেও ভংগ কৰিব নোৱাৰে : বিপিএফ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.