বৰমা, 28 ছেপ্তেম্বৰ: BTC নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে সোমবাৰে উত্তাল হৈ পৰিল বাক্সাৰ মুছলপুৰ ৷ মুছলপুৰত জিলা BPF সমিতিৰ উদ্যোগত সহস্ৰাধিক লোকে সাব্যস্ত কৰে প্ৰতিবাদ ৷
আমাক লাগে নিৰ্বাচন, BPF জিন্দাবাদ, হাগ্ৰামা মহিলাৰী জিন্দাবাদ ধ্বনিৰে BPF কৰ্মীসকলে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, কৰ’ণা মহামাৰীৰ বাবে এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন স্থগিত ৰাখি বাক্সাত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰা হৈছিল ৷ কিন্তু শেহতীয়াকৈ পৰিস্থিতি কিছু উন্নত হোৱাৰ পাচত নিৰ্বাচন আয়োগ তথা ৰাজ্য চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷
সেয়েহে জিলা BPF ৰ সভাপতি থানেশ্বৰ বসুমতাৰী, কেন্দ্ৰীয় সম্পাদক প্ৰবীণ বড়ো, বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ নেতৃত্বত জিলা কাৰ্যালয়ৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে শীঘ্ৰেই BTC নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে ৰাজ্যপালৰ শাসন পুনৰ বৃদ্ধি নকৰিবলৈ দাবী জনায় ৷
লগতে পঢ়ক: গোলাঘাটত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ