ETV Bharat / state

প্ৰমোদ বড়োৰ দাবী : মছনদ দখল কৰিব নোৱাৰে বিপিএফে !

author img

By

Published : Nov 4, 2020, 12:35 PM IST

বিটিআৰৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে । এই পৰিবৰ্তনৰ বাবে এটা বিপ্লৱ লাগে । বিপিএফ দল আৰু ক্ষমতালৈ আহিব নোৱাৰে বুলি মন্তব্য প্ৰমোদ বড়োৰ ।

btc election
btc election

বাক্সা, 4 নবেম্বৰ : অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব লগা বি টি চি নিৰ্বাচনৰ প্ৰাক্ ক্ষণত বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে । হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ সোতৰ বছৰীয়া শাসনৰ অন্ত পেলাই বিটিচিৰ মছনদ দখল কৰাৰ বাবে কঁকালত টঙালি বান্ধিছে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে । বিটিচিৰ ৪০ টা সমষ্টিতে ইউপিপিএল দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে ।

btc election
ইউপিপিএল দলৰ চাইকেল ৰেলী

তামুলপুৰ মহকুমাৰ ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ দ্বাৰকুছিত বুধবাৰে ইউপিপিএল দলে এক বিশাল চাইকেল ৰেলী উলিয়ায় । এই চাইকেল ৰেলী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ইউপিপিএল দলৰ সভাপতি তথা ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী প্ৰমোদ বড়োৱে । তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, বিটিআৰৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে । এই পৰিবৰ্তনৰ বাবে এটা বিপ্লৱ লাগে, যাতে দুৰ্নীতিমুক্ত এখন চৰকাৰ আনিব পাৰি । এই চাইকেল ৰেলীৰ উদ্দেশ্য হ’ল গাঁৱে ভূঞে ঘূৰি ৰাইজৰ সতে মত বিনিময় কৰা । ৰাইজৰ সমস্যাবোৰৰ বুজ লোৱা আৰু সমস্যাসমূহ সমাধানৰ বাবে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা ।

বিপিএফ দল আৰু ক্ষমতালৈ আহিব নোৱাৰে বুলি মন্তব্য প্ৰমোদ বড়োৰ

আৰম্ভণিৰ পৰাই বিপিএফ দলে কেৱল হিংসাৰ আশ্ৰয় লৈ আহিছে । ধনবল বাহুবলৰ আশ্ৰয় লৈ আহিছে । প্ৰকৃত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কেতিয়াও ৰাজনীতি কৰা নাই । সকলো জনগোষ্ঠীৰ লোকে বুজি পাইছে যে বিপিএফৰ ৰাজনীতিৰ দিন উকলি গ’ল । বিপিএফ দল আৰু ক্ষমতালৈ আহিব নোৱাৰে । সংবাদ মাধ্যমৰ আগত এইদৰে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলক তীব্ৰ সমালোচনা কৰে প্ৰমোদ বড়োৱে ৷

লগতে পঢ়ক : বিটিচিৰ ৰাজপাটত পুনৰ বহিব বিপিএফ : আশাবাদী হাগ্ৰামা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.