ETV Bharat / state

ইমানুয়েল মোছাহাৰী আৰু ভৱেশ কলিতা অকৰ্মণ্য-গণেশ কছাৰী

দেওবাৰে বিটিচি পৰিষদীয় সমষ্টি শুক্লাই চেৰফাঙত অনুষ্ঠিত হয় এখন নিৰ্বাচনী সভা ৷ বিপিএফ দলৰ শুক্লাই চেৰফাং ব্লকৰ উদ্যোগত অনুষ্ঠিত হয় এই সভা ৷ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীকে ধৰি বিপিএফ দলৰ কেইবাগৰাকীও নেতা উপস্থিত থকা এই সভাত তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুয়েল মোছাহাৰী আৰু ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক ক্ৰমে "অকৰ্মণ্য" বুলি আখ্যা দিয়ে বিপিএফ প্ৰাৰ্থী গণেশ কছাৰীয়ে ।

বিপিএফ
বিধায়ক ইনামুয়েল মোছাহাৰী আৰু ভৱেশ কলিতাক "নিকাম্মা আৰু অকৰ্মণ্য" আখ্য়া বিপিএফ নেতা গণেশ কছাৰীৰ
author img

By

Published : Aug 10, 2020, 1:43 PM IST

তামুলপুৰ,10 আগষ্টঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বিটিচি পৰিষদীয় সমষ্টি শুক্লাই চেৰফাঙৰ বিপিএফ দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ গৃহত দেওবাৰে অনুষ্ঠিত হয় এখন নিৰ্বাচনী সভা ৷ বিপিএফ দলৰ শুক্লাই চেৰফাং ব্লকৰ উদ্যোগত অনুষ্ঠিত হয় এই সভা ৷ সভাত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীকে ধৰি বিপিএফ দলৰ কেইবাগৰাকীও নেতা । প্ৰায় তিনি সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত হোৱা সভাখনত প্ৰাৰ্থী গণেশ কছাৰীয়ে তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুয়েল মোছাহাৰী আৰু ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক ক্ৰমে "অকৰ্মণ্য" বুলি আখ্যা দিয়ে । লগতে তেখেতে কয় যে, তামুলপুৰ আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ কেইবাখনো গাঁও তথা শুক্লা চেৰফাং সমষ্টিৰ অন্তৰ্গত এই গাঁও সমূহত তেওঁলোকে আজিলৈ কোনোধৰণৰ উন্নয়নমূলক কাম নকৰিলে। এই অঞ্চল সমূহত মই উন্নয়ন কৰিছো । আন কোনো নেতাই উন্নয়ন মূলক একো কাম কৰা নাই বুলিও মত প্ৰকাশ কৰাৰ লগতে ইউপিপিএলৰ নেতা প্ৰমোদ বড়োক এগৰাকী মিছলিয়া নেতা বুলি কয় গণেশ কছাৰীয়ে ।

বিধায়ক ইনামুয়েল মোছাহাৰী আৰু ভৱেশ কলিতাক "নিকাম্মা আৰু অকৰ্মণ্য" আখ্য়া বিপিএফ নেতা গণেশ কছাৰীৰ

আনহাতে,সোমবাৰে অনুষ্ঠিত সভাত ১০০০ গৰাকী নতুন সমৰ্থকে দলটোত যোগদান কৰে । প্ৰতিগৰাকী যোগদাকাৰীক একোখনকৈ ফুলাম গামোছাৰে আদৰণি জনাই দলটোলৈ গণেশ কছাৰীয়ে । আগন্তুক পৰিষদীয় নিৰ্বাচনত দলটোৱে একক সংখ্যা গৰিষ্ঠ আসন লৈ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চৰকাৰ গঠন কৰিব বুলিও মত প্ৰকাশ কৰে নেতা গৰাকীয়ে ।

লগতে পঢ়কঃ নগাঁৱৰ মুক্তিযোদ্ধালৈ ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.