বাক্সা,6 ফেব্ৰুৱাৰী: শুকুৰবাৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত হয় জালাহ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত ৷ বিটিআৰৰ কাৰ্যালয়সমূহৰ কাম-কাজৰ গতি তীব্ৰতৰ কৰি তোলাৰ লক্ষ্যৰে কাৰ্যালয়টো আকস্মিকভাৱে পৰিদৰ্শন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ কাৰ্যালয়টো পৰিদৰ্শনৰ পিছত প্ৰমোদ বড়োৱে সংবাদ মাধ্যমক উদ্দেশ্যি কয় যে, উন্নয়ন খণ্ডটোৰ বিভিন্ন আঁচনিৰ জৰিয়তে সমাজৰ উন্নতি হয় ৷ সেয়ে কাৰ্যালয়ৰ কাম-কাজ গতিশীল কৰাৰ স্বাৰ্থত বড়োৱে এই কাৰ্যালয় পৰিদৰ্শন কৰে ৷ উন্নয়ন খণ্ডৰ অধীনত যিবোৰ কাম হৈছে,তাত ৰাইজ সন্তুষ্ট হৈছে নে নাই তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা বুলি বড়োৱে প্ৰকাশ কৰে ৷
ইয়াৰ লগতে বিটিচিৰ বিশেষ টেট শিক্ষকসকলৰ দৰমহা মুকলি কৰি দিয়া হৈছে বুলি উল্লেখ কৰি বড়োৱে বিটিচিৰ বিশেষ টেট শিক্ষকসকলৰ চাকৰি শীঘ্ৰে নিয়মীয়া কৰাৰ আশ্বাস প্ৰদান কৰে ৷ বৰ্তমানলৈকে খালী হৈ থকা শিক্ষকৰ পদত নিযুক্তি দিয়াৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হ’ব বুলি ঘোষণা কৰে ৷ বিটিআৰৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰো বিটিআৰৰ চুক্তি অনুযায়ী ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি প্ৰাদেশিকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ ইয়াৰোপৰি প্ৰথম-অষ্টম শ্ৰেণীলৈকে এপিএল অথবা বিপিএল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব বেগ ৷ নৱম-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক চাইকেল দিয়াৰ লগতে ষষ্ঠ-অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কেৰিয়াৰ চাৰ্ভে কৰা হ'ব বুলিও প্ৰকাশ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷
লগতে চাওকঃ ৰাজ্যসমূহ অৰ্থনৈতিক পিঞ্জৰাত আবদ্ধ হৈ আছে