বৰমা, ১৭ জুন: আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বাক্সা জিলাৰ মুছলপুৰত আৰম্ভ হৈছে বিজেপিৰ জনসম্পৰ্কৰক্ষী অভিযান ৷ ৩০ জুনলৈ চলিব লগা বিজেপিৰ এই অভিযানত সদস্য সকলে ঘৰে ঘৰে গৈ ভোটাৰৰ খবৰ লোৱাৰ লগতে তেওঁলোকৰ সমস্যাৰো বুজ লয়। ৷ বিজেপি দলৰ ৰাজ্যিক মুখপত্ৰ মেঘনা হাজৰিকা,বাক্সা জিলা বিজেপিৰ সভাপতি ৰামদাহালকে ধৰি দলীয় কৰ্মী দিলীপ দাহাল আদিকে ধৰি একাংশ বিজেপি সদস্যই অঞ্চলটোৰ প্ৰতি ঘৰলৈ গৈ তেওঁলোকৰ অসুবিধাৰ বুজ লয় ৷
বিগত সোতৰ বছৰে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ চৰকাৰখনে বিটিচিত সংঘটিত কৰা ব্যাপক দুৰ্নীতিৰ অভিযোগ অনাৰ লগতে দুৰ্নীতি ৰোধ কৰাৰ বাবে আগন্তুক বিটিচি নিৰ্বাচনত উমৈহতীয়াকৈ ভাগ ল'ব বিজেপি দলে । এই ভাষ্য বিটিচিৰ দিহিৰা সমষ্টিৰ বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী কষ্টেনটাইন তিৰ্কীৰ । বিপিএফৰ এই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ পৰা উদ্ধাৰৰ বাবে বিটিচিৰ জনসাধাৰণে এইবাৰ বিজেপিকে বাচি লৈছে আৰু সেয়েহে দলটোৱে বিটিচিত উমৈহতীয়াভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
লগতে চাওকঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুকলি তৃতীয়টো Covid 19 পৰীক্ষাগাৰ