বৰমা, 23 ছেপ্টেম্বৰঃ এন আৰ চিৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে দেশৰ গণতন্ত্ৰক হত্যা কৰিলে ৷ হিন্দু বঙালী সকল কাটা তাঁৰৰ বেৰ পাৰ হৈ অহা নাছিল ৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভগৱান নহয়, চুপ্ৰিম কৰ্টত সংঘটিত হয় দুৰ্নীতি ৷ দেওবাৰে বাক্সাৰ বাগানপাৰা নিচলামাৰীত হিন্দু বঙালীৰ এখন সভাত উপস্থিত হৈ এই মন্তব্য কৰে বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে ৷ সভাত তেওঁ কয় যে, অসম আন্দোলন প্ৰথম অৱস্থাত হিন্দু বঙালী লোকক বিতাৰণ কৰা আন্দোলন নাছিল ৷ আন্দোলন আছিল সীমান্তৰ কাটা তাঁৰৰ বেৰ পাৰ হৈ অহা মুছলমান বাংলাদেশী সকলক বহিষ্কাৰ কৰাৰ কাৰণে৷ হিন্দু বঙালী সকল ৰিফিউজি হিচাপে আছিল ভাৰতবৰ্ষত ৷ কিন্তু পৰৱৰ্তী সময়ত অসম আন্দোলন বঙালী খেদা আন্দোলনলৈ ৰূপান্তৰ হোৱা বুলি মন্তব্য কৰে বিধায়ক শিলাদিত্যই ৷
ইয়াৰোপৰি হিন্দু বঙালী সকলে ভাৰত স্বাধীনতাৰ কাৰণে বহু ত্যাগ কৰাৰ কথা উল্লেখ কৰি এন আৰ চিক লৈ কোনো হিন্দু বঙালী লোকে শংকিত হোৱাৰ কাৰণ নাই বুলি মন্তব্য কৰে ৷ লগতে তেওঁ এন আৰ চিক কাগজৰ খেলা বুলিহে আখ্যা দিয়ে ৷