বৰপেটা, ১৩ ফেব্ৰুৱাৰী: বিধানসভা নিৰ্বাচন আৰু বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচনী প্ৰচাৰৰ নামত বিজেপিৰ কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ পৰিছে বাক্সা জিলা ছাত্ৰ সন্থা । অসম আন্দোলনত আত্মবলিদান দিয়া শ্বহীদৰ স্মৃতি ৰক্ষাৰ্থে বাক্সাৰ সাউদৰভিঠাত নিৰ্মাণ কৰা শ্বহীদ বেদীত বিজেপিৰ দলীয় পতাকাৰে গেৰুৱাকৰণ কৰিব বিচৰাটো দুৰ্ভাগ্যজনক আখ্যা সদৌ অসম ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিৰ ।
বৃহস্পতিবাৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনক কেন্দ্ৰ কৰি সৰভোগ সমষ্টিত বিজেপিৰ এক বিশাল বাইক ৰেলীত অংশ লৈছিল । তাৰ পাছত ভৱানীপুৰ সমষ্টিৰ আনন্দবজাৰৰ পৰা সাউদৰভিঠা হৈ সৰুপেটালৈ বাইক ৰেলীত অংশ লৈছিল মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰীগৰাকীৰ আগমণক লৈ বিজেপিৰ নেতা-কৰ্মীয়ে সাউদৰভিঠাৰ শ্বহীদ বেদীত বিজেপিৰ প্ৰচাৰৰ নামত বিজেপিৰ দলীয় পতাকা উৰুৱা কাৰ্য্যত তীব্ৰ গৰিহণা দি ৰাজনীতিৰ নামত শ্বহীদক অপমান নকৰিবলৈ সকীয়াই দিয়ে বাক্সা জিলা ছাত্ৰ সন্থাৰ সাংগঠিনক সম্পাদক জুবিন দাসে ৷
লগতে পঢ়ক:চৰকাৰে অখিল গগৈলৈ ভয় কৰি জেলৰ পৰা মুকলি কৰি দিয়া নাই: ৰাইজৰ দল