ETV Bharat / state

বিজেপি-বিপিএফৰ সংঘাত স্বামী-স্ত্ৰীৰ কাজিয়া আখ্যা নৱ শৰণীয়াৰ

author img

By

Published : Nov 18, 2020, 10:46 PM IST

বাক্সাত বিশাল গণ সমাৱেশত সাংসদ নৱ কুমাৰ শৰণীয়া ৷ বিজেপি-বিপিএফৰ সংঘাত স্বামী-স্ত্ৰীৰ কাজিয়াৰ নিচিনা বুলি মন্তব্য সাংসদগৰাকীৰ ৷ 30 খনৰ অধিক আসন লৈ গণ সুৰক্ষা পাৰ্টীয়ে পৰিষদ গঠন কৰিব বুলি দৃঢ়তা প্ৰকাশ নৱ শৰণীয়াৰ ।

btc election
btc election

বৰমা, ১৮ নবেম্বৰ : বিটিচি নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাচতে তৎপৰ হৈ পৰিছে সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টি ৷ বুধবাৰে বাক্সা জিলাৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ চলিকান্দাত অনুষ্ঠিত হয় দলটোৰ এখন বিশাল নিৰ্বাচনী গণ সমাৱেশ ৷ য’ত উপস্থিত থাকে গণ সুৰক্ষা পাৰ্টিৰ সভাপতি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া ৷

সাংসদ শৰণীয়াই শেহতীয়াভাৱে বিজেপি আৰু বিপিএফ দলৰ সংঘাতক স্বামী-স্ত্ৰীৰ মাজৰ কাজিয়া বুলি তীব্ৰ ভাষাৰে কটাক্ষ কৰে ৷ বিজেপি-বিপিএফৰ সংঘাতক লৈ নৱ কুমাৰ শৰণীয়াই কয় যে, তেওঁলোকৰ মাজত কমিচন কম বেছি হোৱা বাবে সংঘাত হৈছে ৷ বিশেষ একো নাই, ৰাইজক দেখুৱাৰ বাবে এনেদৰে কাজিয়া কৰিছে ৷

বিজেপি-বিপিএফৰ সংঘাত স্বামী-স্ত্ৰীৰ কাজিয়া আখ্যা নৱ শৰণীয়াৰ

সমাগত বিটিচি নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টীয়ে 30 খনৰ অধিক আসন লৈ পৰিষদ গঠন কৰিব বুলি দৃঢ়তাৰে জানিবলৈ দিয়ে নৱ কুমাৰ শৰণীয়াই ৷ তেওঁ কয় যে, বিজেপি- বিপিএফ আৰু ইউ পি পি এল দলে দহখনত কৈ বেছি আসন লাভ নকৰে ৷ সাংসদ শৰণীয়াই বিটিচি পৰিষদ গঠন কৰিব পাৰিলে বিটিআৰ চুক্তিৰ আপত্তিজনক দফা সমূহ সালসলনি কৰি চুক্তিখন কাৰ্যকৰী কৰিব বুলিও মন্তব্য কৰে ৷ আনহাতে সাংসদ শৰণীয়াই বিশ্বজিৎ দৈমাৰী বিজেপি যোগদান কৰা কাৰ্যক শুভেচ্ছা প্ৰদান কৰি কয় যে ৰাষ্ট্ৰীয় দলত গৈ তেওঁ নিজৰ শক্তি সামৰ্থ প্ৰয়োগ কৰক ৷ কিন্তু বিটিচি নিৰ্বাচনত কোনো প্ৰভাৱ নপৰে ৷

লগতে পঢ়ক : একালৰ সতীৰ্থই মিছলীয়া আখ্যা দিলে নৱ শৰণীয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.