ETV Bharat / state

বিটিএডিত উন্নয়নৰ বাহক হ'ল বিপিএফ দলঃ বিশ্বজিৎ দৈমাৰী

বিটিচিত আমি বহুত কাম কৰিলো আৰু বহু কাম কৰিবলগীয়া আছে ৷ কেৱল ৰাজনৈতিক ভাবে সমালোচনা কৰিলে নহ'ব উন্নয়নৰ কথাও চিন্তা কৰিব লাগিব ৷ দেওবাৰে 25 নং বাগানপাৰা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰৰ ভাষণ প্ৰসংগত এই মন্তব্য প্ৰদান কৰে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

author img

By

Published : Aug 2, 2020, 7:39 PM IST

BISWAJIT DOIMARI RECEATION ON BTC ELECATION
বিটিএডিত উন্নয়নৰ বাহক হ'ল বিপিএফ দলঃ বিশ্বজিৎ দৈমাৰী

বৰমা, 2 আগষ্ট : বিটিচিত আমি বহুত কাম কৰিলো আৰু বহু কাম কৰিবলগীয়া আছে ৷ কেৱল ৰাজনৈতিক ভাবে সমালোচনা কৰিলে নহ'ব উন্নয়নৰ কথাও চিন্তা কৰিব লাগিব ৷ দেওবাৰে 25 নং বাগানপাৰা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী ফলিন্দ্ৰ বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰৰ ভাষণ প্ৰসংগত এই মন্তব্য প্ৰদান কৰে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

ইয়াৰ উপৰিও তেওঁ আকৌ কয় যে, পূৰ্বতে এই অঞ্চলত কোনো ধৰণৰ উন্নয়ন হোৱা নাছিল ৷ কিন্তু বৰ্তমানে বিটিএডি শিক্ষাৰ দিশত বহু উন্নত হৈছে ৷ বৰ্তমান বিটিএডিত বডোলেণ্ড বিশ্ববিদ্যালয়, অভিযান্তিক মহাবিদ্য়ালয়, চিকিৎসা মহাবিদ্যালয়ৰ লগতে শিক্ষাৰ ক্ষেত্ৰত বিটিএডিত বহুতো আন্তঃগাথনি উন্নত কৰা হৈছে ৷ যাতায়াতৰ দিশতো বিটিএডি বহুত উন্নত হোৱা বুলিও ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে উল্লেখ কৰে ৷

আনহাতে, বিটিচি চুক্তি সন্দৰ্ভতো মন্তব্য প্ৰদান কৰি নেতা গৰাকীয়ে কয় যে, 2003 চনত বিটিচি চুক্তি হোৱাৰ আগত যাতায়তৰ ক্ষেত্ৰত বহু পিছপৰা আছিল বিটিএডি ৷ কিন্তু চুক্তি হোৱাৰ পিচত বিপিএফ দল গঠন কৰি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত গঠন কৰা চৰকাৰখনে ধাৰাবাহিকভাবে বিভিন্ন দিশত উন্নয়নমূলক কাম কৰি বৰ্তমানৰ এই অৱস্থাত উপনীত হৈছে ৷

উল্লেখ্য যে, দেওবাৰৰ এই নিৰ্বাচনী সভাতে বিপিএফ দলত ইউপিপিএল, বিজেপি আৰু জিএছপি দলৰ পৰা প্ৰায় 744 গৰাকী কৰ্মী বিপিএফত যোগদান কৰে ৷ লগতে, উক্ত সভাত বিপিএফ দলৰ সাধৰণ সম্পাদক প্ৰবীন বড়ো, বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম, পিপুল জইণ্ট একচন কমিটি তথা বড়ো আন্দোলনৰ উপদেষ্টা গংগাধৰ ৰামছিয়াৰীৰ লগতে কেইবাজনো দলীয় বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক : চিৰাঙত ডাইনী সন্দেহত দুই পৰিয়ালক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.