ETV Bharat / state

বিটিচিত ৰাজ্যপালৰ শাসনক লৈ পুনৰ সৰৱ সাংসদ বিশ্বজিৎ দৈমাৰী

author img

By

Published : Jun 20, 2020, 8:11 PM IST

বিটিচিত ৰাজ্যপালৰ শাসনক লৈ পুনৰ সৰৱ সাংসদ বিশ্বজিৎ দৈমাৰী ৷ বিটিচি এতিয়া আগৰ বিটিচি হৈ থকা নাই,এতিয়া সকলোৱে বিটিচিক নিজৰ নিজৰ ৰাজনৈতিক দৃষ্টি ভংগীৰে চাইছে বুলি মন্তব্য সাংসদগৰাকীৰ ৷

biswajit daimari unhappy with governor rule in btc

বৰমা, ২০ জুন : বিটিচিত ৰাজ্যপালৰ শাসনক লৈ পুনৰ সৰৱ হৈ পৰিছে বিপিএফ নেতা তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী ৷ শনিবাৰে বাক্সাৰ মুছলপুৰত উপস্থিত হৈ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সাংসদ গৰাকীয়ে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰা সংক্ৰান্তত কয় যে,সম্প্ৰতি ক'ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাটো কিমানখিনি সম্ভৱ হয় সেয়া পৰিস্থিতিয়ে ক'ব ৷ কিন্তু মূল কথাটো হ'ল নিৰ্বাচন অনুষ্ঠিত কৰা-নকৰাটো মূলতঃ নিৰ্ভৰ কৰিব ৰাজ্যপালৰ ইচ্ছাৰ ওপৰত ৷

বিজেপি সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীৰ মন্তব্য

যিহেতু ৰাজ্যপালৰ ক্ষমতা মুখ্যমন্ত্ৰী বা নিৰ্বাচন আয়ুক্তকৈ অধিক,আনহাতে তেখেতেই বিটিচিৰ শাসনত আছে সেয়েহে তেখেতৰ সিদ্ধান্ত অবিহনে নিৰ্বাচনৰ কথা চিন্তা কৰি লাভ নাই বুলি কয় সাংসদগৰাকীয়ে ৷ ৰাজ্যপালক এক প্ৰকাৰ দোষাৰোপ কৰি সাংসদ গৰাকীয়ে কয় যে,নিৰ্বাচনী আচৰণবিধি চলি থকা সময়ত ৰাজ্যপালৰ শাসনো হ'ব নালাগিছিল বা ৰাজ্যপালৰ দ্বাৰা কোনো নিযুক্তি হ'ব নালাগিছিল ৷

বিটিচিত ৰাজ্যপালৰ শাসনক লৈ পুনৰ সৰৱ সাংসদ বিশ্বজিৎ দৈমাৰী

কিন্তু আইন ভংগ কৰিলে কোনে বুলি পৰোক্ষভাৱে ৰাজ্যপালক দোষাৰোপ কৰি সম্প্ৰতি বিটিচি আগৰ বিটিচি হৈ থকা নাই, এতিয়া বিটিচিক নিজৰ নিজৰ ৰাজনৈতিক দৃষ্টিভংগীৰে চোৱা বুলি সাংসদ গৰাকীয়ে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে ৷ আনহাতে আলোচনালৈ অহা এন ডি এফ বি নেতা-কেডাৰ সকলক পুনঃ সংস্থাপনৰ বাবে শুকুৰবাৰে গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ হোৱা বুলি সাংসদ গৰাকীয়ে জানিবলৈ দিয়ে ৷

আলোচনালৈ অহা এন ডি এফ বি নেতা-কেডাৰ সকলক পুনঃ সংস্থাপনৰ আহ্বান

এই ক্ষেত্ৰত তেওঁলোকৰ বিপক্ষে থকা গোচৰ সমূহ প্ৰথমে চৰকাৰৰ জৰিয়তে আদালত নিষ্পত্তি কৰি অনাগত দিনত বিষয়টো আগবঢ়াই নিয়াৰ কথা প্ৰকাশ কৰে বিশ্বজিৎ দৈমাৰীয়ে ৷ ইফালে বিটিচিত ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে বিপিএফ দল আদালতলৈ যোৱা সংক্ৰান্তত বৰ্তমান শুনানি চলি থকা বুলি উল্লেখ কৰি অতি শীঘ্ৰে বিষয়টোত আদালতে ৰায়দান কৰিব বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷

লগতে পঢ়ক : হস্তী-মানৱ সংঘাত : গোলাঘাটত বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.