ETV Bharat / state

বিশ্বজিৎ দৈমাৰীয়ে দল ত্যাগ কৰিলেও কোনোধৰণৰ ক্ষতি নহয়ঃহাগ্ৰামা মহিলাৰী

author img

By

Published : Nov 11, 2020, 8:49 PM IST

হাগ্ৰামা মহিলাৰীয়ে সাংসদ বিশ্বজিৎ দৈমাৰী বিপিএফ দল ত্যাগ কৰা সন্দৰ্ভত মন্তব্য কৰি কয় যে,বিশ্বজিৎ দৈমাৰীয়ে দল ত্যাগ কৰিলেও বিটিচিত বিপিএফ দলৰ কোনোধৰণৰ ক্ষতিসাধন নহয় ৷ তদুপৰি বিটিচিত পুনৰ বিপিএফেই চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে মহিলাৰীয়ে ৷

biswajit-daimari-left-the-team-but-there-was-no-loss-of-bpf
বিশ্বজিৎ দৈমাৰীয়ে দল ত্যাগ কৰিলেও কোনোধৰণৰ ক্ষতি নহয়ঃহাগ্ৰামা মহিলাৰী

বাক্সা, 11 নৱেম্বৰঃ বড়োভূমিত এতিয়া নিৰ্বাচনৰ বতাহ বলিছে ৷ যুদ্ধংদেহী তৎপৰতাৰে প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিদিনেই অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা ৷ বুধবাৰে তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা আৰু তামুলপুৰৰ ঘগ্ৰাচকতো বিপিএফৰ দুখনকৈ মহিলা একত্ৰিত কৰা সভা অনুষ্ঠিত হয় ৷ এই নিৰ্বাচনী সভাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে মন্ত্ৰী চন্দন ব্ৰহ্ম, মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ লগতে বহু শীৰ্ষ নেতা উপস্থিত থাকে ৷

আনহাতে, সভাত উপস্থিত হৈ হাগ্ৰামা মহিলাৰীয়ে সাংসদ বিশ্বজিৎ দৈমাৰী বিপিএফ দল ত্যাগ কৰা সন্দৰ্ভত মন্তব্য কৰি কয় যে, বিশ্বজিৎ দৈমাৰীয়ে দল ত্যাগ কৰিলেও বিটিচিত বিপিএফ দলৰ কোনোধৰণৰ ক্ষতিসাধন নহয় ৷ তদুপৰি বিটিচিত পুনৰ বিপিএফেই চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ ইপিনে, মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাক ডকাইত আখ্যা দি বিপিএফ দল নিৰ্বাচনত জয়ী হোৱাৰ পাছত বিজয় উৎসৱত হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনোৱা নহয় বুলিও সদৰী কৰে বিপিএফ প্ৰধানগৰাকীয়ে ৷

লগতে পঢ়কঃ সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনাঃ হাহাকাৰ বৰপেটাৰ আতচবাজী উদ্যোগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.