ETV Bharat / state

নিমুৱাত সামৰণি পৰিল বিষুৱা উৎসৱৰ - লোক নৃত্য

বিষুৱা উৎসৱ কোচ-ৰাজবংশী জনজাতিসকলে প্ৰতি বছৰে উদযাপন কৰি অহা এক কৃষি প্ৰধান উৎসৱ ৷ বাক্সাৰ নিমুৱাত বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অন্তৰ্গত সদৌ নিমুৱা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সদৌ নিমুৱা কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই বিষুৱা উৎসৱ ৷

bikhuwa-festival-ended-in-baska
সামৰণি পৰিল কোচ ৰাজবংশী সকলৰ বিষুৱা উৎসৱ
author img

By

Published : Apr 18, 2021, 7:47 PM IST

বাক্সা,১৮ এপ্ৰিল: অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ সমান্তৰালকৈ কোচ ৰাজবংশী জনজাতিসকলে পালন কৰি আহিছে বিষুৱা উৎসৱ । বাক্সাৰ নিমুৱাত বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অন্তৰ্গত সদৌ নিমুৱা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সদৌ নিমুৱা কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় বিষুৱা উৎসৱ ৷ বিষুৱা উৎসৱ উদযাপন সমিতিৰ সভাপতি মধুসুদন বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মন ৷

অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰ্মনে কয়, কোচ ৰাজবংশীসকলৰ জাতীয় উৎসৱ হ'ল বিষুৱা । বিষুৱা উৎসৱ কৃষিৰ সৈতে জড়িত উৎসৱ আৰু কোচ ৰাজবংশীসকল হৈছে কৃষিজীৱী এটা জনগোষ্ঠী । সেয়েহে বিষুৱা উৎসৱ কোচ ৰাজবংশীসকলে সম্পূর্ণ ৰীতি-নীতিৰে উদযাপন কৰি আহিছে । সমগ্ৰ অসমত কোচ ৰাজবংশীসকলে পালন কৰি অহা এই বিষুৱা উৎসৱৰ জৰিয়তে কোচ ৰাজবংশীসকলৰ সাংস্কৃতিক দিশ বিকাশ হ'বলৈ ধৰিছে । কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ কোচ ৰাজবংশীসকলৰ বাবে এটা মাইলৰ খুঁটি ৷ স্বায়ত্ব শাসিত পৰিষদৰ জৰিয়তে কোচ ৰাজবংশীসকলে শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক দিশত সুন্দৰভাৱে আগবাঢ়ি যোৱাৰ কাৰণে এটা পথ পাইছে ।

সামৰণি পৰিল কোচ ৰাজবংশী সকলৰ বিষুৱা উৎসৱ

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰায়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা সভাত বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰ, বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি কপিলদেৱ সিংহকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । সন্ধিয়া বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে । শনিবাৰে নিশা কোচ ৰাজবংশীসকলৰ বিভিন্ন লোক নৃত্যৰে কাৰ্যসূচীৰ সামৰণি পৰে ।

লগতে পঢ়ক : পুৰণিগুদামত ‘অংগাভিনয় অসম’ৰ দ্বাৰা বিহু প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.