ETV Bharat / state

কলিয়াবৰ আৰু বাক্সাত কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন - ৰাজ্যৰ ভিন্ন প্ৰান্ত

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শনিবাৰে 20 জুনৰ দিনটোত ৰাভা দিৱস উদযাপন কৰা হ'ল কলিয়াবৰ আৰু বাক্সাত ৷

bidhnu rabha divas celebrated in kaliabor and baksa

author img

By

Published : Jun 20, 2020, 1:59 PM IST

কলিয়াবৰ, 20 জুনঃ 1969 চনৰ 20 জুনত পৰলোকপ্ৰাপ্তি ঘটিছিল অসমৰ এগৰাকী অন্যতম পুৰোধা ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৷ তেওঁ আছিল একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ. চিত্ৰকৰ, অভিনেতাৰ লগতে এগৰাকী মুক্তি যুঁজাৰু ৷ সেই মহান মনিষী গৰাকীক সোৱৰণত শনিবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন ঠাইত পালন কৰা হ'ল ৰাভা দিৱস হিচাপে ৷ ৰাভা দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে কলিয়াবৰৰ এটা সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান প্ৰজন্ম দ্য জেনেৰেশ্যনে ব্যতিক্ৰমী ধৰণেৰে কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

কলিয়াবৰত কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ভিন্ন দেশী-বিদেশী দুষ্প্ৰাপ্য চৰাইৰ বিচৰণস্থলী আৰু থলুৱা মাছৰ আশ্ৰয়স্থল হিচাপে পৰিগণিত হৈ অহা জয়সাগৰ দলনি সুৰক্ষাৰ বাবে অনুষ্ঠানটোৱে লৈছে কিছু গঠনমূলক পদক্ষেপ ৷ জয়সাগৰ দলনি পাৰত গছপুলি ৰোপন কৰি সকলোৰে সহযোগত, জয়সাগৰ দলনিৰ পশু-পক্ষী নিধন বন্ধ কৰা, জয়সাগৰৰ লগতে কাষৰীয়া স্থানত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা আদিকে ধৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰজন্মৰ সদস্য সকলে সকলোকে আহ্বান জনায় ৷ ৰাভা দিৱস উপলক্ষে গছপুলি ৰোপনেৰে এই অনুষ্ঠানৰ কাৰ্যসূচী শুভাৰম্ভণি কৰে, কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়া ঋতুপল্লৱ বৰুৱা আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে ৷

বাক্সাত কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

বাক্সাঃ বাক্সা জিলাৰ অন্তৰ্গত দিঘেলী গাঁৱতো মহান শিল্পী গৰাকীৰ 51তম মৃত্যু বাৰ্ষিকী উপলক্ষে পুৱা ৯ বজাত শিল্পী গৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত সমাজকৰ্মী নৰহৰি শৰ্মাই বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পন কৰে জনজাতি সংঘৰ প্ৰাক্তন সাধাৰণ সম্পাদক থানেশ্বৰ বড়োৱে ৷ এই অনুষ্ঠানত উপস্থিত থাকে দিঘেলী হাইস্কুলৰ প্ৰধান শিক্ষক কুশ বড়ো, সমাজকৰ্মী দেৰাজুদ্দিন আহমেদ, মইনুল হক, অভিমন্যু বড়ো, তপন বড়ো, হৰেন দাসৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়কঃ এতিয়া আৰু চীনৰ চিনেমা উপভোগ নকৰে জুবিনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.