ETV Bharat / state

বাক্সাৰ কামাৰদৈছাত উদ্ধাৰ এগৰাকী ভূটানৰ লোকৰ মৃতদেহ - বাক্সা

শিমলা থানাৰ অন্তৰ্গত কামাৰদৈছাত উদ্ধাৰ এগৰাকী ভূটানৰ লোকৰ মৃতদেহ ৷ এটি পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ ৷ মৃতদেহটো ভূটানৰ নাংলাম আৰক্ষী থানা এলেকাৰ দিচিলিং গাঁৱৰ নোৱাং চিৰিং ৷

বাক্সাৰ কামাৰদৈছাত উদ্ধাৰ এগৰাকী ভূটানৰ লোকৰ মৃতদেহ
author img

By

Published : May 14, 2019, 9:53 PM IST

Updated : May 14, 2019, 11:49 PM IST

চাপাগুৰি, 14 মে' : বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শিমলা থানাৰ অন্তৰ্গত কামাৰদৈছাত উদ্ধাৰ এগৰাকী ভূটানৰ লোকৰ মৃতদেহ ৷ এটি পুখুৰীত উপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ । ইপিনে মৃতদেহটো ভূটানৰ নাংলাম আৰক্ষী থানা এলেকাৰ দিচিলিং গাঁৱৰ নোৱাং চিৰিং(৭৩) বুলি চিনাক্ত কৰিছে ভূটান আৰক্ষীয়ে । মৃতকে পুখুৰীৰ পাৰত থোৱা এখন মোনাৰ জৰিয়তে ভূটানৰ আৰক্ষীয়ে লোকজন ভূটানৰ বুলি চিনাক্ত কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, যোৱা নিশা এটি ভাৰতীয় পৰিয়ালত আলহী খাই পুৱা ঘৰলৈ বুলি উভতিছিল লোকজন । পাচত গাঁৱৰ এটি পুখুৰীত হাত ভৰি ধুবলৈ গৈ ভৰা পুখুৰীত পিচলি পৰি মৃত্যু হোৱা বুলি ভাৰতীয় আৰক্ষীয়ে সন্দেহ কৰে যদিও ভূটান আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি জানিব দিয়ে ভূটানৰ আৰক্ষীয়ে । ইতিমধ্যে ভূটানৰ পৰা অহা দুগৰাকী চিকিৎসকে প্ৰাথমিক পৰীক্ষা কৰে মৃতদেহৰ ৷

Intro:ভূটান সীমানতৰ বাক্সা জিলাৰ শিমলা থানাৰ এলেকাৰ কামাৰদৈছাত আজি দুপৰীয়া এটি ভূটীয়া ব্যক্তিৰ মৃতদেহ উদ্ধাৰে সমগ্র এলেকাটিতেই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। Body:হয়। বাক্সা জিলাৰ শিমলা থানাৰ এলেকাৰ কামাৰদৈছাত এই ঘটনা। এটি পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। মৃতদেহটি ভূটানৰ নাংলাম আৰক্ষী থানাৰ এলেকাৰ দিচিলিং গাঁৱৰ নোৱাং চিৰিং(৭৩) বুলি ভূটানী আৰক্ষীয়ে চিনাক্ত কৰিছে।মৃতকে পুখুৰীৰ পাৰত থোৱা মোনা খনৰ জৰিয়তে ভূটীয়া আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হয়। চিৰিং পত্নীৰ সহিতে ৪জন ল'ৰা আৰু এজনী ছোৱালীক ইহ: সংসাৰত এৰি থৈ যায়। মৃত চিৰিং ভূটান সীমান্ত এলাকাৰ ভাৰতীয় গাঁৱত মাজে সময়ে আলহী (কুৰ্মা) ঘৰত আলহী খাই ফুৰিছিল।উল্লেখ্য যে যোৱা নিশাও এটি ভাৰতীয় পৰিয়ালত আলহী খাই পুৱা ঘৰলৈ বুলি উভতিছিল। পিছত গাঁৱৰ এটি পুখুৰীত হাত ভৰি ধুবলৈ গৈ ভৰা পুখুৰীত পিচলি পৰি মৃত্যু হোৱা বুলি ভাৰতীয় আৰক্ষীয়ে সন্দেহ কৰে যদিও ভূটীয়া আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত হে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি ভূটীয়া আৰক্ষীয়ে জানিব দিয়ে। ইতিমধ্যে ভুটানৰ পৰা অহা দুজনী চিকিৎসকে মৃতদেহ ৰ প্ৰাথমিক পৰীক্ষা কৰে।
Conclusion:বাইট: -গকুল বসুমতাৰী, গাঁৱ বুঢ়া, কামাৰদৈছা
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
Last Updated : May 14, 2019, 11:49 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.