ETV Bharat / state

বাক্সা জিলা সাহিত্য সভাৰ উদ্যোগত ড৹ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উদযাপন

author img

By

Published : Nov 5, 2020, 10:06 PM IST

Updated : Nov 5, 2020, 10:27 PM IST

বাক্সা জিলা সাহিত্য সভাৰ সভাপতি মাধৱ চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাখন উদ্বোধন কৰে সংগীত শিল্পী জিতেন শৰ্মাই ৷ ইয়াৰ পিচতে আদৰণী সমিতিৰ দ্বাৰা প্ৰকাশিত স্মৃতিগ্ৰন্থ "সুধাকন্ঠ", অনিল চন্দ্ৰ কাকতিৰ "প্ৰবন্ধ ৰেঙনি" আৰু কৈল্যাশ চন্দ্ৰ দাসৰ "অস্তগামী সুৰুযৰ ৰেঙনি" নামৰ গ্ৰন্থ তিনিখন উন্মোচন কৰে ক্ৰমে দেবেন চন্দ্ৰ ডেকা, বদ্ৰী গুড়াগাঞী আৰু হলধৰ কুমাৰে ।

বাক্সা জিলা সাহিত্য সভাৰ ড৹ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীকি উদযাপন
bhupen hazarika 9th death day celebrations at baksha

বৰমা,5 নৱেম্বৰঃ বিশ্ববৰন্য গণশিল্পী, ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আজি নৱম মৃত্যু বাৰ্ষিকী। সেই উপলক্ষে বিশ্ববৰন্য শিল্পী গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে বাক্সা জিলা সাহিত্য সভা তথা ৰাজনৈতিক দল সমূহে। বৃহস্পতিবাৰে বাক্সা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নিকাছি শাখা সাহিত্য সভাৰ সৌজন্যত নিকাছিত গণশিল্পী ড° ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে সোঁৱৰে। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত মুকলি সভাত বিভিন্ন জনে গণশিল্পী ড° ভূপেন হাজৰিকাৰ জীৱন সম্বলিত বিস্তৃত ভাষণ ৰাখে।

বাক্সা জিলা সাহিত্য সভাৰ সভাপতি মাধৱ চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাখন উদ্বোধন কৰে সংগীত শিল্পী জিতেন শৰ্মাই ৷ ইয়াৰ পিচতে আদৰণী সমিতিৰ দ্বাৰা প্ৰকাশিত স্মৃতিগ্ৰন্থ "সুধাকণ্ঠ", অনিল চন্দ্ৰ কাকতিৰ "প্ৰবন্ধ ৰেঙনি" আৰু কৈল্যাশ চন্দ্ৰ দাসৰ "অস্তগামী সুৰুযৰ ৰেঙনি" নামৰ গ্ৰন্থ তিনিখন উন্মোচন কৰে ক্ৰমে দেবেন চন্দ্ৰ ডেকা, বদ্ৰী গুড়াগাঞী আৰু হলধৰ কুমাৰে ।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুৰেন্দ্ৰ নাথ বৰ্মাই ৷ বৰ্মাই ভাষণ প্ৰসংগত ড৹ ভূপেন হাজৰিকাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে ব্যাখ্যা কৰে ৷ ইয়াৰ পূৰ্বে এই উপলক্ষে প্ৰয়াত শিল্পী ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ, চিত্ৰ আৰু ভূপেন হাজৰিকাৰ সংগীত প্ৰতিযোগীতাত ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

লগতে পঢ়কঃ কোন বিধায়কৰ ঘৰৰ সন্মুখত ই-ৰিক্সা চালকে কৰিলে প্ৰতিবাদ ?

Last Updated : Nov 5, 2020, 10:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.