ETV Bharat / state

বৰমাত ভাগৱত যাত্ৰা অভিশেষ

নলবাৰীৰ 38 নং পশ্চিম নতুন দেহৰ গাঁৱ পঞ্চায়তৰ অন্তৰ্গত কঠালবাৰীত মাহযোৰা ভাগৱত যাত্ৰাৰ সামৰণি অনুষ্ঠান

বৰমাত ভাগৱত যাত্ৰা অভিশেষ
author img

By

Published : Jul 28, 2019, 11:01 PM IST

বৰমা ২৮ জুলাইঃ বৰমাত সত্ৰাধিকাৰৰ সমাবেশ ৷ সত্ৰাধিকাৰৰ মিলনথলীত পৰিণত হ'ল বৰমাৰ নিকটৱৰ্তী কঠালবাৰী ৷ নলবাৰীৰ 38 নং পশ্চিম নতুন দেহৰ গাঁৱ পঞ্চায়তৰ অন্তৰ্গত কঠালবাৰীত মাহজোৰা ভাগৱত যাত্ৰাৰ সামৰণি অনুষ্ঠান ৷ কঠালবাৰীস্থিত শ্ৰীশ্ৰী ঋষি কল্প সত্য সনাতন আশ্ৰম প্ৰাঙ্গণত মানিকপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ কপিল দাসৰ নেতৃত্বত অহা 25 খন সত্ৰৰ সত্ৰাধিকাৰৰ লগতে অৰ্ধশতাধিক ভকতে এক মিলনথলীত পৰিণত কৰে কঠালবাৰী ।

Intro:বৰমাত সত্ৰাধিকাৰৰ সমাবেশBody:সত্ৰাধিকাৰৰ মিলনথলীত পৰিনত হ'ল বৰমাৰ নিকটৱৰ্তী কঠালবাৰী:

বৰমা ২৮ জুলাইঃ

বৰমাৰ নিকটৱৰ্তী নলবাৰী জিলাৰ ৩৮ নং পশ্চিম নতুন দেহৰ গাঁৱ পঞ্চায়তৰ অন্তৰ্গত কঠালবাৰীত মাহযোৰা ভাগৱত যাত্ৰা ও অসম আৰু উত্তৰ বংগত মহাপুৰুষ কৃষ্ণানন্দ দেৱৰ দ্বাৰা প্ৰতিষ্ঠিত সত্ৰ সমুহ দৰ্শনৰ সামৰণি অনুষ্ঠান আজি অনুষ্ঠিত হয়। কঠালবাৰীস্থিত শ্ৰী শ্ৰী ঋষি কল্প সত্য সনাতন আশ্ৰম প্ৰাঙ্গণত মানিকপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ কপিল দাসৰ নেতৃত্বত অহা ২৫ খন সত্ৰৰ সত্ৰাধিকাৰৰ লগতে অৰ্ধশতাধিক ভকতে এক মিলনথলীত পৰিণত কৰে কঠালবাৰী। শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নামধৰ্ম প্ৰচাৰৰ বাবে সত্ৰ পৰিদৰ্শন কৰি শংকৰদেৱৰ আদৰ্শক সকলোৰে মাজলৈ লৈ যোৱাই প্ৰধান কাম বুলি দোহাৰে সত্ৰাধিকাৰ কপিল দাসে। অসম লগতে উত্তৰ বংগত ভাগৱত যাত্ৰা কৰি যাত্ৰাৰ সামৰণি মাৰা সময়ত তেওঁ সকলো ধৰ্মৰ প্ৰতি সমান মৰ্যদা প্ৰদান কৰিব লাগে বুলিও কয়। শংকৰদেৱ সংঘই যি কঠোৰ নীতি নিৰ্দেশনা ভক্ত সকলক দিয়ে সেই ক্ষেত্ৰত তেওঁ একো মন্তব্য নকৰে যদিও শংকৰেদেৱে কেতিয়াও নিগেটিভ কথা কোৱা নাই বুলি কয়। তদুপৰি কঠালবাৰী ৰাইজে অসমৰ লগতে ৰাজ্যৰ বাহিৰৰ সত্ৰাধিকাৰ সকলক আদৰিব পাই অতি সুখী বুলি দোহাৰে।
বাইট:= কপিল দাস, সত্ৰাধিকাৰ, উদ্যোগতা।
বৰমাৰ পৰা দিলীপ বড়ো ৷Conclusion:অসমৰ জনজাতি সকলক লগত লৈ শংকৰদেৱৰ একশৰণ ধৰ্ম প্ৰচাৰৰ আহ্বান
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.