ETV Bharat / state

বৰমাত পথ দুৰ্ঘটনাঃ নিহত ১ জন

বাক্সাৰ বৰমাত বুধবাৰে সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী স্ক'ৰপিঅ' বাহনে চাইকেল আৰোহীক খুন্দিওৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় বিৰন বড়ো নামৰ লোকজন ৷

বৰমাত পথ দুৰ্ঘটনাঃ নিহত ১ জন
author img

By

Published : Jul 24, 2019, 5:28 PM IST

বৰমা ২৪ জুলাইঃ

  • বাক্সাৰ বৰমাত ভয়ানক পথ দুৰ্ঘটনা
  • বৰমাৰ ‌৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা
  • দুৰ্ঘটনাত থিতাতে নিহত হয় বৰমা খাৰুৱাৰ বিৰন বড়ো নামৰ এজন চাইকেল আৰোহী
  • গুৱাহাটীৰ দিশৰ পৰা অহা স্ক'ৰপিঅ' বাহনে চাইকেল আৰোহীজনক খুন্দিয়াই পলায়ন কৰে
  • দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS01DR7344
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে

বৰমা ২৪ জুলাইঃ

  • বাক্সাৰ বৰমাত ভয়ানক পথ দুৰ্ঘটনা
  • বৰমাৰ ‌৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা
  • দুৰ্ঘটনাত থিতাতে নিহত হয় বৰমা খাৰুৱাৰ বিৰন বড়ো নামৰ এজন চাইকেল আৰোহী
  • গুৱাহাটীৰ দিশৰ পৰা অহা স্ক'ৰপিঅ' বাহনে চাইকেল আৰোহীজনক খুন্দিয়াই পলায়ন কৰে
  • দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS01DR7344
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে
Intro:বৰমাত পথ দুৰ্ঘটনাঃঃ এজন লোক নিহতঃBody: বাক্সাৰ বৰমাত ভয়ানক পথ দুৰ্ঘটনা # থিতাতে নিহত এজন চাইকেল আৰোহী #
বৰমা ২৪ জুলাইঃ
দুৰ্ঘটনা জ'ন হিচাপে পৰিগনিত বাক্সাৰ বৰমাত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা ৷ বৰমাৰ ‌৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত হয় বৰমা খাৰুৱাৰ বিৰন বড়ো নামৰ এজন চাইকেল আৰোহী ৷ গুৱাহাটীৰ দিশৰ পৰা অহা AS -- 01 - DR - 7344 নম্বৰৰ বগা ৰঙৰ তীব্ৰ বেগী স্কোৰপিঅ' এখনে বৰমাৰ ডিভাইডাৰত একে দিশেৰে অহা চাইকেল আৰোহী এজনে ৰাষ্ট্ৰীয় ঘাইপথ টো অতিক্ৰম কৰিবলৈ লোৱাতে দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰে ৷ ফলত থিতাতে নিহত হয় পথচাৰীজন ৷
ইফালে স্থানীয় ৰাইজে অভিযোগ কৰা মতে ৰাষ্ট্ৰীয় ঘাই পথৰ টোৰ দুৰ্ঘটনা সংঘটিত হোৱা ঠাই খিনিত নাই কোনো গতি নিয়ন্ত্ৰক ব্যৱস্থা ৷ আনকি গুৱাহাটী বা বৰপেটা দিশৰ পৰা অহা যাত্ৰী বাহী বাছ সমুহ যতে ততে ৰখাই থয় ৷ বাছ সমুহ ৰখাবলৈ নিৰ্দিষ্ট ঠাই থকাৰ পাচতো নৰখে বাছ সমুহ ৷ যাৰ ফলত এনে ধৰনৰ দুৰ্ঘটনা সংঘটিত হৈ থাকে বুলি মন্তব্য কৰে স্থানীয় লোকে ৷ এই ক্ষেত্ৰত বৰমা আৰক্ষী থানাৰো নিস্ক্ৰিয় ভুমিকা হোৱা বুলি অভিযোগ কৰে ৰাইজে ৷
উল্লেখ্য যে নিহত লোক জনক ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা উঠাই অনাৰ সময়ত আৰক্ষী আৰু স্থানীয় লোক আগবাঢি নহাত বাক্সা জিলা আৰক্ষী অধীক্ষক থুৱে প্ৰতীক বিজয় কুমাৰে নিজে দাঙি গাড়ী ত উঠাই দিয়ে।
বৰমাৰ পৰা দিলীপ বড়ো ৷
Conclusion:বৰমাত পথদুৰ্ঘটনাত থিতাতে এজন লোক নিহত হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.