বাক্সা,31 অক্টোবৰঃ বন্যহস্তীৰ সন্ত্ৰাসে ভীতিগ্ৰস্ত কৰিছে বাক্সাৰ ভাৰত ভূটান সীমান্তৰ ৰাইজক ৷ প্ৰতিদিনে বাঢ়িছে বন্যহস্তীৰ উপদ্ৰৱ ৷ বুধবাৰে নিশা বাক্সাৰ নাগ্ৰীজুলিত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এজন লোক । জানিব পৰা মতে বাক্সা জিলাৰ তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটা বনাঞ্চলৰ অধীনত আজি কিছুদিন ধৰি অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ ভূটানৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি কিছুদিন ধৰি হাতীৰ এটি জাকে অব্যাহত ৰাখিছে তাণ্ডৱ ৷ পথাৰৰ পকাধান খাই অনিষ্ট কৰাৰ লগতে বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত কিছুদিন ধৰি চাহ বাগান এলেকাতো ব্যাপক ক্ষতিসাধন কৰিছে বন্যহস্তীৰ দলটোৱে ৷
বন্যহস্তীৰ সন্ত্ৰাস আজিৰ নহয়,বিগত কেবামাহো ধৰি বাক্সাৰ ভাৰত ভূটান সীমান্তত বন্যহস্তীয়ে চলাই আহিছে উপদ্ৰৱ ৷ বুধাবাৰে পুৱতি নিশা বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত জয়পুৰ গাঁৱৰ এজন লোক নিহত হয় ৷ নিহত লোকজন জয়পুৰ গাৱঁৰ নৰেশ মণ্ডল বুলি জানিব পৰা গৈছে ৷ আনহাতে বনৰীয়া হাতীৰ জাকটোৱে নিশা কেবাটাও পৰিয়ালৰ ঘৰবাৰী ভাঙি লণ্ড ভণ্ড কৰে ৷
লগতে পঢ়কঃ ৰাজ্যত অব্যাহত আছে কয়লাৰ ছিণ্ডিকেট!