বাক্সা, 24 জুনঃ কৰ'ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ নিৰ্বাচন অনিৰ্দ্দিষ্ট কাললৈ স্থগিত ৰাখিব লগীয়া হৈছে । তথাপিও কিন্তু বিটিচিত প্ৰতি দিনে বিভিন্ন দল সংগঠনে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । মঙলবাৰে বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৭নং নাগ্ৰীজুলিৰ বিটিচিৰ পৰিষদীয় সমষ্টিৰ কেইবা ঠাইটো ইউ পি পি এল দলৰ সভাৰ লগতে যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । সমষ্টিটোৰ কুমাৰীকাটাৰ কালীপুৰৰ এখন সভাত উপস্থিত থাকি ইউ পি পি এল দলৰ মুখপাত্ৰ পৃথিৰাজ মেছে কয় যে বিটিচিত থকা অবড়ো ৰাইজে জনা উচিত যে ইউ পি পি এল দলে বড়োলেণ্ড বিচৰা নাই কেৱল মাত্ৰ বিটিআৰ চুক্তি খনৰ দফা সমূহ ৰূপায়ণৰ বাবেহে সমৰ্থন কৰিছে ।
![BAKSHA UPPL MEETING, PRITHIRAJ MESS ON BPF FLAG](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bak-01-uppl-prithiraj-maz-vis6-7203823_23062020203731_2306f_03222_226.jpg)