ETV Bharat / state

বাক্সাৰ তামুলপুৰৰ দ্বীপজ্যোতিক এধানি সহায় কৰক

author img

By

Published : Sep 15, 2020, 4:58 PM IST

তামুলপুৰৰ এজন সুঠাম যুৱক ৷ যুৱকজনৰ দুয়োটা বৃক্কই বিকল। চিকিৎসাৰ বাবে প্ৰয়োজন বৃহৎ পৰিমাণৰ ধন। স্বাস্থ্য মন্ত্ৰী আৰু ৰাইজৰ পৰা সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷

বাক্সাৰ তামুলপুৰৰ দ্বীপজ্যোতিক এধানি সহায় কৰক
বাক্সাৰ তামুলপুৰৰ দ্বীপজ্যোতিক এধানি সহায় কৰক

বাক্সা, 15 চেপ্তেম্বৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ উলুবাৰী গাঁও নিবাসী পৰেশ তালুকদাৰৰ একমাত্ৰ পুত্ৰ বাইশ বছৰীয়া দ্বীপজ্যোতি তালুকদাৰ নামৰ যুৱকজনৰ দুয়োটা বৃক্কই বিকল হৈ শয্যাগত হৈ আছে । দীৰ্ঘদিন ধৰি অসুস্থ হৈ জীৱন আৰু মৃত্যুৰ সৈতে যুঁজ দি শয্যাগত হৈ আছে দ্বীপজ্যোতি তালুকদাৰ । প্ৰতি মুহূৰ্ততে মৃত্যুৰ ক্ষণ গণিছে দ্বীপজ্যোতিৱে । চকুপানীৰে বাট বুলিছে পিতৃ মাতৃ আৰু আত্মীয় স্বজনে । একমাত্ৰ সন্তান দ্বীপজ্যোতিৰ অসুস্থতাৰ বাবে মুখৰ মাত হেৰুৱাইছে পিতৃ মাতৃয়ে । পিতৃ মাতৃ আৰু আত্মীয় স্বজনে কেৱল নেদেখাজনক প্ৰাৰ্থনা জনাইছে নিজ সন্তানৰ আশু আৰোগ্য কামনাৰে ।

অতি দৰিদ্ৰ পৰিয়ালৰ শিক্ষিত যুৱক দ্বীপজ্যোতিৰ চিকিৎসাৰ নামত ইতিমধ্যেই পৰিয়ালটোৱে সৰ্বস্ব হেৰুৱাইছে । চিকিৎসকে দ্বীপজ্যোতিক বৃক্ক সংৰোপনৰ বাবে পৰামৰ্শ দিছে যদিও পৰিয়ালটো অক্ষম তাৰ বাবে । দ্বীপজ্যোতিৰ মাতৃয়ে নিজ সন্তানক বৃক্ক দান কৰাৰ সিদ্ধান্ত লৈছে যদিও বৃক্ক সংৰোপনৰ বাবে পৰিয়ালটোক প্ৰয়োজন হৈছে বহু লক্ষাধিক ধনৰ। উপায়বিহীন হৈ পৰিয়ালটোৱে শৰনাপন্ন হৈছে তামুলপুৰ আঞ্চলিক কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনৰ । অসম চৰকাৰ,অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্বশৰ্মা আৰু হৃদয়বান লোকৰ পৰা পৰিয়ালটোৱে বিচাৰিছে আৰ্থিক সাহায্য। কোনো লোকে আৰ্থিক সাহায্য আগবঢ়াব বিচাৰিলে দ্বীপজ্যোতিৰ পিতৃ পৰেশ তালুকদাৰৰ নামত অসম গ্ৰামীণ বিকাশ বেংকৰ ৰঙিয়া শাখাত থকা একাউন্ট নম্বৰত ধন জমা কৰিবলৈ অনুৰোধ জনাইছে। একাউন্ট নম্বৰটো-7292010010400 । আইএফএছচি কোড UTBIORRBAGB । নাইবা তেওঁৰ পিতৃ পৰেশ তালুকদাৰৰ দূৰভাষ নম্বৰ 9854864904 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

ইপিনে তামুলপুৰ আঞ্চলিক কোঁচ ৰাজবংশী ছাত্ৰ সন্থায়ো অসহায় পৰিয়ালটোলৈ সহায়ৰ হাত আগবঢ়াবলৈ অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী আৰু অসমবাসী ৰাইজলৈ অনুৰোধ জনাইছে । আপোনাৰ অকণমান সহায়ে পৰিয়ালটোলৈ আনিব পাৰে আশাৰ বতৰা । এ

লগতে চাওকঃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.