বাক্সা, 28 জানুৱাৰীঃ সোমবাৰৰে পৰা সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কোচ ৰাজবংশী সকলৰ জাতীয় উৎসৱ পুষুণা মেলা আৰম্ভ হৈছে বাক্সাৰ কুমাৰীকাটাৰ দৰঙাপাৰ শিমলুবাৰীত । অহা দুই ফেব্ৰুৱাৰী লৈ চলিবলগীয়া পুষণা মেলাৰ সোমবাৰে শুভাৰম্ভ কৰে ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰীয়ে । এই মেলাত কোচ ৰাজবংশী জনগোষ্ঠীয় লোক সকলৰ খাদ্য সম্ভাৰৰ লগতে কলা কৃষ্টি সমূহ প্ৰদৰ্শন হ'ব ।
উল্লেখ্য যে, মেলাথলীত হাতী ছাফাৰী, গড় হত্যা প্ৰদৰ্শন, ডাইনাচৰ প্ৰদৰ্শন আৰু আকাশ চাবৰ মনেৰে হট বেলুনত উঠিব পাৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়কঃ দেশদ্ৰোহিতাৰ অভিযোগত বিহাৰত গ্ৰেপ্তাৰ জেএনইউৰ গৱেষক ছাত্ৰ শ্বাৰ্জিল ইমাম