ETV Bharat / state

বাক্সাৰ ভূতে পোৱাবড়ীত গণ সুৰক্ষা পাৰ্টীৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Dec 9, 2020, 5:52 PM IST

কোকৰাঝাৰত সাংসদ নৱ কুমাৰ শৰণীয়াক দুৰ্বৃত্তই আক্ৰমণ কৰা আৰু আৰক্ষীয়ে ওৰেনিশা থানাৰ ভিতৰত আটক কৰি ৰাখি চৰম অপমান কৰাক কেন্দ্ৰ কৰি দলীয় কৰ্মীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উক্ত ঘটনাৰ প্ৰতিবাদত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে গণ সুৰক্ষা পাৰ্টিৰ সমৰ্থকে ৷

baksha-protest
বাক্সাৰ ভুতেপোৱাবড়ীত গণ সুৰক্ষা পাৰ্টিৰ উত্তাল প্ৰতিবাদ

বাক্সা, ৯ ডিচেম্বৰ : মঙলবাৰে নিশা কোকৰাঝাৰত সাংসদ নৱ কুমাৰ শৰণীয়াক দুৰ্বৃত্তই আক্ৰমণ কৰা আৰু আৰক্ষীয়ে ওৰেনিশা থানাৰ ভিতৰত আটক কৰি ৰাখি চৰম অপমান কৰাক কেন্দ্ৰ কৰি ক্ষোভ উজাৰিছে দলীয় কৰ্মীয়ে ৷ উক্ত ঘটনাৰ প্ৰতিবাদত শালবাৰীৰ ছাপাগুৰি জিলা গণ সুৰক্ষা পাৰ্টীৰ উদ্যোগত বহু সমৰ্থকে বুধবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ গণ সুৰক্ষা পাৰ্টীৰ পাঁচজনকৈ নেতাই মুণ্ডন কৰি অভিনৱ পদ্ধতিৰে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰী সকলে নৱ কুমাৰ শৰণীয়া জিন্দাবাদ, গণ সুৰক্ষা পাৰ্টি জিন্দাবাদ, নৱ কুমাৰ শৰণীয়াৰ আক্ৰমণকাৰীক অতিশীঘ্ৰে প্ৰশাসনে কৰায়ত্ব কৰক আদি বিভিন্ন শ্ল‘গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে, বুধবাৰে পুৱা জামিনত মুক্তি লাভ কৰে নৱ শৰণীয়াই ৷

লগতে পঢ়ক: চন্দ্ৰপুৰত আছু আৰু ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.