ETV Bharat / state

মটঙা নদীৰ খহনীয়াত নদীত জাহ গ'ল শ শ বিঘা কৃষি ভূমি

author img

By

Published : Jul 1, 2020, 1:52 PM IST

বাক্সাৰ ইক্ৰাজুলিত মটঙা নদীৰ ব্যাপক খহনীয়াৰ ফলত নদীত জাহ গৈছে বিঘাই বিঘাই কৃষিভূমি । হাহাকাৰ কৃষকৰ মাজত ৷

মটঙা নদীয়ে সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া

বাক্সা,1 জুলাইঃ বাক্সা জিলাৰ ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ইক্ৰাজুলি দৈমাবাৰীত মটঙা নদীয়ে সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া । নদীত জাহ গৈছে বিঘাই বিঘাই কৃষি ভূমি। বিগত ১৭ বছৰ ধৰি মটঙানদীয়ে সৃষ্টি কৰি আহিছে গৰাখহনীয়াৰ ।

মটঙা নদীৰ খহনীয়াত নদীত জাহ গ'ল শ শ বিঘা কৃষি ভূমি

স্থানীয় বাসিন্দাসকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি মটঙানদীৰ গৰাখহনীয়াৰ ফলত বিগত ১৭ বছৰত প্ৰায় পাচশ বিঘা কৃষি ভূমি নদীত জাহ গৈছে । গৰাখহনীয়া স্থলীত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া,২৭ নং নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএল এ ধৰ্মনাৰায়ণ দাসে পৰিদৰ্শন কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি ৰাইজে অভিযোগ কৰিছে ৷

একদৰে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীকো বহুবাৰ কাকতি মিনতি কৰাৰ পিছতো গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকসকলে ।

উল্লেখ্য যে ইক্ৰাজুলি আৰু দৈমাবাৰীবাসী ৰাইজে যোৱা লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰিছিল । লক্ষণীয় যে গাঁওবাসীৰ সমস্যা সমূহ পুনৰ বাৰ স্থানীয় জনপ্ৰতিনিধি সকলে কোনো ধৰণৰ গুৰুত্ব নিদিলে এই বছৰৰ বিটিচিৰ পৰিষদীয় আৰু বিধানসভা নিৰ্বাচনৰ ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে ।লগতে চাওকঃ নগাঁৱত নিশাৰী নৈৰ সংহাৰী ৰূপঃ জলমগ্ন বহু গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.