ETV Bharat / state

বাক্সাৰ গোৰেশ্বৰত পুনৰ পাঁচজনৰ দেহত ক'ভিড-১৯ পজিটিভ

author img

By

Published : Jul 4, 2020, 8:02 AM IST

Updated : Jul 4, 2020, 9:41 AM IST

কিছুদিন পূৰ্বে তামুলপুৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা আহি স্থানীয় বিদ্যালয়সমূহত হোম কোৱাৰেন্টাইনত আছিল আক্ৰান্ত লোককেইজন। আজি আটাইকেইজন লোকৰ দেহত কোভিড-১৯ পজিটিভ থকা বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগৰ লোকে ।

বাক্সাৰ গোৰেশ্বৰত পুনৰ পাঁচজনৰ দেহত ক'ভিড-১৯ পজিটিভ
বাক্সাৰ গোৰেশ্বৰত পুনৰ পাঁচজনৰ দেহত ক'ভিড-১৯ পজিটিভ

বাক্সা,4 জুলাইঃ বাক্সাৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শুৱাগপুৰ,বাঙালীপাৰা,উপৰখুটি আৰু দেউচুঙাত শুকুৰবাৰে পুনৰ পাঁচজন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। কৰ'ণা আক্ৰান্ত ব্যক্তিকেইজন ক্ৰমে শুৱাগপুৰৰ জিতেন গোৰ(৩১),কৃষ্ণ চেত্ৰী(৪৫),বাঙালীপাৰাৰ ৰাজেশ প্ৰধান(৩১), উপৰখুটিৰ তিলক বাহাদুৰ খুলাল(২৫)আৰু পশ্চিম দেউচুঙাৰ ৰাজীৱ আলী(২৩)বুলি জানিব পৰা গৈছে।

ইপিনে কৰ'ণা আক্ৰান্ত লোককেইজনৰ চাৰিজন গোৱাৰ পৰা অহা আৰু এজন চেন্নাইৰ পৰা অহা বুলি জানিবলৈ দিয়ে। কিছুদিন পূৰ্বে তামুলপুৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা আহি স্থানীয় বিদ্যালয়সমূহত হোম কোৱাৰেন্টাইনত আছিল আক্ৰান্ত লোককেইজন। আজি আটাইকেইজন লোকৰ দেহত কোভিড-১৯ পজিটিভ থকা বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগৰ লোকে। আক্ৰান্ত ব্যক্তিকেইজন থকা স্থানীয় বিদ্যালয়সমূহ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে প্ৰশাসনে।

আনহাতে দিনক দিনে কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাত আতংকিত হৈ পৰিছে সমগ্ৰ গোৰেশ্বৰবাসী। গণ সংক্ৰমণৰ আশংকা প্ৰকাশ কৰি চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ।

লগতে চাওকঃ জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মচাৰীৰ দেহত কোভিড-19

Last Updated : Jul 4, 2020, 9:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.