বাক্সা, 12 চেপ্তেম্বৰঃ একালত দেশ ৰক্ষাৰ বাবে যুজ দিয়া প্ৰাক্তন সেনা জোৱানৰ নাম নাহিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ৷ বিতৰ্কৰ যেন অন্ত নাই এন আৰ চিক লৈ ৷ অভিযোগ অনুসৰি নাম নাহিল বহু খিলঞ্জীয়া লোকৰ ৷ ভাৰতীয় সেনাৰ হাৱালদাৰ পদত অধিষ্ঠিত সেনা জোৱানৰ পৰিয়ালৰ নাম বাতিল হৈছে এন আৰ চিৰ চূড়ান্ত তালিকাত ৷ বাক্সা জিলাৰ নিকাছি আমবাৰীত থকা এই পৰিয়ালটোৰ নাম নাহিল এন আৰ চিৰ চূড়ান্ত তালিকাত ৷ ভাৰতীয় সেনাৰ ইলেভেন গোৰ্খা ৰেজিমেন্টৰ হাৱালদাৰ ভগীৰথ লিম্বুৰ পৰিয়ালৰ নাম বাতিল হৈছে এন আৰ চিৰ চূড়ান্ত তালিকাত ৷ ভাৰতীয় সেনাত যোগ দি হাৱালদাৰ পদ পৰ্যন্ত পোৱা নিকাছি আমবাৰীৰ ভগীৰথ লিম্বুয়ে নিজৰ সাহসিকতাৰ বাবে ইতিমধ্যে লাভ কৰিছে বহুতো পুৰস্কাৰ ৷ ভাৰত পাকিস্তানৰ যুদ্ধতো অংশগ্ৰহণ কৰিছিল লিম্বুৱে ৷ ১৯৮২ চনত তেওঁ অৱসৰ গ্ৰহণ কৰা প্ৰাক্তন জোৱানজনৰ এন আৰ চিৰ চূড়ান্ত তালিকাত নাম নহাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷
পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰাক্তন সেনা জোৱানৰ নাম নাহিল NRCত - BAKSHA EX ARMY NAME EXCLUDED FROM NRC
ভাৰতীয় সেনাৰ ইলেভেন গোৰ্খা ৰেজিমেন্টৰ হাৱালদাৰ ভগীৰথ লিম্বুৰ পৰিয়ালৰ নাম বাতিল হৈছে এন আৰ চিৰ চূড়ান্ত তালিকাত ৷
বাক্সা, 12 চেপ্তেম্বৰঃ একালত দেশ ৰক্ষাৰ বাবে যুজ দিয়া প্ৰাক্তন সেনা জোৱানৰ নাম নাহিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ৷ বিতৰ্কৰ যেন অন্ত নাই এন আৰ চিক লৈ ৷ অভিযোগ অনুসৰি নাম নাহিল বহু খিলঞ্জীয়া লোকৰ ৷ ভাৰতীয় সেনাৰ হাৱালদাৰ পদত অধিষ্ঠিত সেনা জোৱানৰ পৰিয়ালৰ নাম বাতিল হৈছে এন আৰ চিৰ চূড়ান্ত তালিকাত ৷ বাক্সা জিলাৰ নিকাছি আমবাৰীত থকা এই পৰিয়ালটোৰ নাম নাহিল এন আৰ চিৰ চূড়ান্ত তালিকাত ৷ ভাৰতীয় সেনাৰ ইলেভেন গোৰ্খা ৰেজিমেন্টৰ হাৱালদাৰ ভগীৰথ লিম্বুৰ পৰিয়ালৰ নাম বাতিল হৈছে এন আৰ চিৰ চূড়ান্ত তালিকাত ৷ ভাৰতীয় সেনাত যোগ দি হাৱালদাৰ পদ পৰ্যন্ত পোৱা নিকাছি আমবাৰীৰ ভগীৰথ লিম্বুয়ে নিজৰ সাহসিকতাৰ বাবে ইতিমধ্যে লাভ কৰিছে বহুতো পুৰস্কাৰ ৷ ভাৰত পাকিস্তানৰ যুদ্ধতো অংশগ্ৰহণ কৰিছিল লিম্বুৱে ৷ ১৯৮২ চনত তেওঁ অৱসৰ গ্ৰহণ কৰা প্ৰাক্তন জোৱানজনৰ এন আৰ চিৰ চূড়ান্ত তালিকাত নাম নহাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷
বাইট---
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।