ETV Bharat / state

বৰমাত এজনৰ দেহত কোভিদ- ১৯ পজিটিভ

author img

By

Published : May 25, 2020, 6:03 PM IST

মহাৰাষ্ট্ৰৰ পৰা আহি কোকৰাঝাৰত উপস্থিত হোৱা 50 জনকৈ যুৱকৰ ভিতৰত এজনৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰাৰ পিছতে বৰমাস্থিত মডেল হাস্পতালত চিকিৎসাধীন হৈ আছিল লোকজন ৷

baksha borma  covid-19 positive
বৰমাত এজনৰ দেহত কোভিদ- ১৯

বৰমা, ২৫ মেঃ বাক্সাৰ জিলাৰ বৰমাত এজনৰ দেহত কোভিড-১৯ পজিটিভ ৷ যুৱকজনৰ নাম বাহাদুৰ লিম্বো (৩৫) ৷ তেওঁৰ ঘৰ বাক্সা জিলাৰ বৰবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী খৈৰানীত বুলি জানিব পৰা গৈছে । যুৱকজন মহাৰাষ্ট্ৰৰ পৰা প্ৰথমে কোকৰাঝাৰত উপস্থিত হয় ৷ কোকৰাঝাৰৰ পৰা 50 জনকৈ যুৱকৰ সৈতে সোমবাৰে বাক্সাৰ বৰমাৰ ইন্টিগ্ৰেটেড পাৰ্কত কোৱাৰেন্টাইন কৰা হয় যদিও তেঁওৰ লগতে আন দুজন যুৱকক বৰমাস্থিত মডেল হাস্পতালত ৰখা হৈছে ।

বৰমাত এজনৰ দেহত কোভিদ- ১৯

ইপিনে সোমবাৰে বাহাদুৰ লিম্বোৰ দেহত কোভিড-১৯ পজিটিভ থকা বুলি পৰীক্ষাত ধৰা পৰা বুলি জানিব দিয়ে চিকিৎসকে । ইয়াৰ বিপৰীতে 49 জন যুৱকৰ ফলাফল নিগেটিভ আহে ৷ ইপিনে কৰ‘ণাত আক্ৰান্ত বাহাদুৰ লিম্বোক জিলা স্বাস্থ্য বিভাগে MMCত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ আজি পবিত্ৰ ঈদ: বিভিন্নজনৰ শুভেচ্ছা জ্ঞাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.