ETV Bharat / state

প্ৰধান শিক্ষক পলাতক, ধৰি দিব পাৰিলে লাভ কৰিব ১৫ হাজাৰ টকা - Rape allegation in Kalgachia

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Headmaster absconding in Kalgachia : পলাতক অৱস্থাত আছে এগৰাকী প্ৰধান শিক্ষক ৷ অপকৰ্ম কৰি পলাতক হৈ আছে একাব্বৰ আলী ৷ অভিযুক্ত প্ৰধান শিক্ষকগৰাকীক ধৰি দিব পাৰিলে স্থানীয় ৰাইজে পুৰস্কৃত কৰিব নগদ ধনেৰে ৷

Headmaster absconding in Kalgachia
প্ৰধান শিক্ষক পলাতক, ধৰি দিব পাৰিলে লাভ কৰিব ১৫ হাজাৰ টকা (ETV Bharat Assam)

জনীয়া, ৩০ ছেপ্টেম্বৰ : নিৰ্ধাৰণ কৰা হৈছে এগৰাকী প্ৰধান শিক্ষকৰ মূৰৰ মূল্য ৷ প্ৰধান শিক্ষকগৰাকীক ধৰি দিব পাৰিলে সৰ্বমুঠ লাভ কৰিব ১৫ হাজাৰ টকা ৷ নিজ ছাত্ৰীৰ লগত অপকৰ্ম কৰি পলাতক অৱস্থাত থকা প্ৰধান শিক্ষকগৰাকীৰ সন্দৰ্ভত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে ৷

উল্লেখ্য যে চলিত মাহৰ ১৬ ছেপ্টেম্বৰত কলগাছিয়াৰ পূৱ ৰামপুৰ ছোৱালী প্ৰাথমিক বিদ্যালয়ত এটা ঘটনা ঘটা বুলি অভিযোগ উঠিছিল ৷ বিদ্যালয় ছুটীৰ পিছত প্ৰধান শিক্ষক একাব্বৰ আলীয়ে ৰূমলৈ মাতি নি এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপিত হৈছিল ৷ ১২ বছৰীয়া ছাত্ৰীগৰাকীৰ লগত প্ৰধান শিক্ষকে অপকৰ্ম কৰাৰ অভিযোগে জোকাৰি গ’ল সমগ্ৰ অঞ্চল ৷ তাৰ পিছৰে পৰা পলাতক অৱস্থাত আছে একাব্বৰ আলী ৷

উক্ত ঘটনা সন্দৰ্ভত দেওবাৰে ৰামপুৰ বজাৰত ৰাইজমেল অনুষ্ঠিত হয় ৷ ৰাইজমেলখনৰ জৰিয়তে পলাতক একাব্বৰ আলীক ধৰি দিব পৰাজনক গাঁওৰক্ষী বাহিনীৰ সম্পাদক ছাহজাহান আলীয়ে পাঁচ হাজাৰ টকা আৰু যুৱ সমাজে দহ হাজাৰ টকাৰে পুৰস্কৃত কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ তদুপৰি একাব্বৰ আলীক ফাঁচি দিয়া, সমাজৰ পৰা বহিস্কাৰ কৰা, উপযুক্ত শাস্তি প্ৰদান কৰাৰ আদি দাবীও উত্থাপন কৰা হয় ৷

উল্লেখ্য যে ধৰ্ষণত অভিযুক্ত শিক্ষকগৰাকীক বিচাৰি কলগাছিয়া আৰু বৰভিটা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷ সেয়েহে যুৱ সমাজ আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদকে পলাতক একাব্বৰ আলীৰ সন্ধান দি আৰক্ষীৰ হাতত গতাই দিলে নগদ পোন্ধৰ হাজাৰ টকাৰে পুৰস্কৃত কৰা হ'ব বুলি ৰাইজমেলত সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক : বেজৰ হাতত ধৰ্ষিতা পোন্ধৰ বছৰীয়া কিশোৰী

ধৰ্ষণত অভিযুক্তক ফাঁচিৰ দাবীত আৰক্ষী চকী ঘেৰাও-মুণ্ডন

পাৰ্টী কৰাৰ চলেৰে ল'জত ছাত্ৰীক দলবদ্ধ ধৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.