বৰমা,25 ফেব্ৰুৱাৰীঃ মঙলবাৰে বাক্সা জিলাৰ বাগানপাৰাত ইউপিপিএল ৰ এখনি সাংগঠনিক সভাৰ লগতে কাৰ্যনিৰ্বাহ সভা আৰু জনসভা অনুষ্ঠিত হয় ৷ উক্ত সভাত উপস্থিত থাকে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্মৰ লগতে এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো আৰু বিটিচি পৰিষদীয় সমষ্টিৰ সদস্য ৰৌনগৌৰা নাৰ্জাৰী ৷ আনহাতে উক্ত সভাত উপস্থিত থাকি এনডিএফবি (প্ৰগতিশীল)ৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ইউপিপিএলক সহায় কৰাৰ কথা স্পষ্ট কৰে ৷ ইয়াৰ উপৰিও তেখেতে সাংবাদিকৰ আগত মন্তব্য কৰে যে, এনডিএফবি ৰ চাৰিওটা গোটৰ মাজতে বিভাজন স্পষ্ট হৈ পৰিছে ৷ নিজ স্বাৰ্থৰ বাবে একাংশ এনডিএফবিৰ গোটে হাগ্ৰামা মহিলাৰীক ত্যাগ কৰিব নোৱাৰে ৷ তেখেতে স্পষ্ট ভাৱে কয় যে, আমি একত্ৰিত নাছিলো, সভাখনৰ মাধ্যমেৰে আমি একত্ৰিত হোৱাৰ চেষ্টাহে কৰিছিলো ৷
আনহাতে, ৰঞ্জন দৈমাৰীৰ মুক্তি সন্দৰ্ভত মন্তব্য কৰি এনডিএফবি( প্ৰগতিশীল)ৰ সভাপতি গৰাকীয়ে কয় যে, আইনৰ উৰ্ধত কোনো নহয় ৷ ৰঞ্জন দৈমাৰী মুক্তি লাভ কৰিব বুলি মই আশা কৰা নাই ৷ যিহেতু ৰঞ্জন দৈমাৰী এক সশস্ত্ৰ সংগ্ৰামী দলৰ কৰ্মী তাৰ বাবেই তেখেতে জামিন লাভ কৰাৰ আশা ক্ষীণ বুলিও মন্তব্য কৰে গোবিন্দ বসুমতাৰীয়ে ৷
লগতে পঢ়ক-আন্তৰ্জাতিক খেলুৱৈক অৱহেলা অসম চৰকাৰৰ