বাক্সা, 14 মে' : বৃহস্পতিবাৰে বাক্সা গোৰেশ্বৰৰ নাথকুছিত তিনি জন লোকক কোৱাৰান্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ৷
জানিব পৰা মতে, অনন্ত দাস নামৰ লোকজনে দীৰ্ঘদিন ধৰি জ্বৰত আক্ৰান্ত হৈ উশাহ-নিশাহত কষ্ট পোৱাৰ বাবে Covid-19 ৰ সন্দেহত কোৱাৰেন্টাইন কেন্দ্ৰলৈ পঠোৱা হয় ৷
আনহাতে, ব্যক্তিজনৰ সংস্পৰ্শলৈ অহা দুজন লোককো কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ৷ ইতিমধ্যে যাবতীয় পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে লোক কেইজনক ৷
উল্লেখযোগ্য যে, সঘনাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আহযাহ কৰিছিল অনন্ত দাস নামৰ লোকজন ৷
লগতে পঢ়ক : নগাঁৱত বিয়াৰ প্ৰলোভনেৰে প্ৰেমিকাৰ অশ্লীল ফ'টো ভাইৰেল