বাক্সা, 5 ছেপ্তেম্বৰঃ বাক্সাৰ বাগানপাৰাত নৱ বিবাহিত বোৱাৰীৰ আত্মহত্যাক লৈ চাঞ্চল্য। সংগীতা কলিতা হালৈ নামৰ বোৱাৰীগৰাকীক হত্যা কৰা বুলি অভিযোগ ৰাইজ আৰু পৰিয়ালৰ। আজি পুৱা চিপ লোৱা অৱস্থাত উদ্ধাৰ বোৱাৰীগৰাকীৰ মৃতদেহ। উল্লেখ্য যে বাগানপাৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক উপেন হালৈৰ পুত্ৰ হীৰেন হালৈৰ সৈতে যোৱা এপ্ৰিল মাহত একে গাঁৱৰে সংগীতা কলিতাৰ বিবাহ সম্পন্ন হৈছিল ৷ কিন্তু বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল স্বামী পৰিয়ালে। আজি পুৱা চিপ লোৱা অৱস্থাত সংগীতাৰ মৃতদেহ উদ্ধাৰৰ পিচতে উত্তপ্ত হৈ পৰে ৰাইজ। উত্তেজিত ৰাইজে ভাঙি পেলায় স্বামী পৰিয়ালৰ দুৱাৰ-খিৰিকী, আচবাব। পিচত ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ সংগীতাৰ স্বামী হীৰেন হালৈ , শহুৰেক উপেন হালৈ ,শাহুৱেক আৰু হীৰেনৰ বায়েক পূৰবী হালৈক আটক কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলায়।
বাক্সাৰ বাগানপাৰাত নৱ বিবাহিত বোৱাৰীৰ আত্মহত্যাক লৈ চাঞ্চল্য - বাগানপাৰা
বাক্সাৰ বাগানপাৰাত নৱ বিবাহিত বোৱাৰীৰ আত্মহত্যাক লৈ চাঞ্চল্য। সংগীতা কলিতা হালৈ নামৰ বোৱাৰীগৰাকীক হত্যা কৰা বুলি অভিযোগ ৰাইজ আৰু পৰিয়ালৰ। আজি পুৱা চিপ লোৱা অৱস্থাত উদ্ধাৰ বোৱাৰীগৰাকীৰ মৃতদেহ
বাক্সা, 5 ছেপ্তেম্বৰঃ বাক্সাৰ বাগানপাৰাত নৱ বিবাহিত বোৱাৰীৰ আত্মহত্যাক লৈ চাঞ্চল্য। সংগীতা কলিতা হালৈ নামৰ বোৱাৰীগৰাকীক হত্যা কৰা বুলি অভিযোগ ৰাইজ আৰু পৰিয়ালৰ। আজি পুৱা চিপ লোৱা অৱস্থাত উদ্ধাৰ বোৱাৰীগৰাকীৰ মৃতদেহ। উল্লেখ্য যে বাগানপাৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক উপেন হালৈৰ পুত্ৰ হীৰেন হালৈৰ সৈতে যোৱা এপ্ৰিল মাহত একে গাঁৱৰে সংগীতা কলিতাৰ বিবাহ সম্পন্ন হৈছিল ৷ কিন্তু বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল স্বামী পৰিয়ালে। আজি পুৱা চিপ লোৱা অৱস্থাত সংগীতাৰ মৃতদেহ উদ্ধাৰৰ পিচতে উত্তপ্ত হৈ পৰে ৰাইজ। উত্তেজিত ৰাইজে ভাঙি পেলায় স্বামী পৰিয়ালৰ দুৱাৰ-খিৰিকী, আচবাব। পিচত ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ সংগীতাৰ স্বামী হীৰেন হালৈ , শহুৰেক উপেন হালৈ ,শাহুৱেক আৰু হীৰেনৰ বায়েক পূৰবী হালৈক আটক কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলায়।
পৰিয়ালৰ লোকৰ হত্যাৰ অভিযোগ
ৰাইজৰ দ্বাৰা স্বামী গৃহৰ ঘৰ দুৱাৰ লণ্ডভণ্ড
তীব্ৰ উত্তেজনা, আৰক্ষী মোতায়েন Body: বাক্সাৰ বাগানপাৰাত নৱ বিবাহিত বোৱাৰীৰ আত্মহত্যাক লৈ তীব্ৰ চাঞ্চল্য ৷ মাহ হালধিৰ গোন্ধ নৌযাওঁতেই ন বোৱাৰীৰ আত্মহত্যাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল ৷ সংগীতা কলিতা হালৈ নামৰ বোৱাৰীগৰাকীক হত্যা কৰা বুলি অভিযোগ ৰাইজ আৰু পৰিয়ালৰ ৷ আজি পুৱা চিপ লোৱা অৱস্থাত উদ্ধাৰ বোৱাৰীগৰাকীৰ মৃতদেহ ৷ ঘটনাক লৈ তীব্ৰ উত্তেজনা ৷ উল্লেখ্য যে বাগানপাৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক উপেন হালৈৰ পুত্ৰ হীৰেন হালৈৰ সৈতে যোৱা এপ্ৰিল মাহত একে গাঁওৰে সংগীতা কলিতাৰ সম্পন্ন হৈছিল বিবাহ ৷ পিচে বিয়াৰ পিছৰে পৰা স্বামী পৰিয়ালে সংগীতাৰ ওপৰত চলাইছিল নিৰ্যাতন ৷ যৌতুক বিচাৰি শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল স্বামী পৰিয়ালে ৷ আজি পুৱা চিপ লোৱা অৱস্থাত সংগীতাৰ মৃতদেহ উদ্ধাৰৰ পিচতে উত্তপ্ত হৈ পৰে ৰাইজ ৷ উত্তেজিত ৰাইজে ভাঙি পেলায় স্বামী পৰিয়ালৰ দুৱাৰ - খিৰিকী , আচবাব ৷ পিচত ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ সংগীতাৰ স্বামী হীৰেন হালৈ , শহুৰেক উপেন হালৈ ,শাহুৱেক আৰু হীৰেনৰ বায়েক পূৰবী হালৈক আটক কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলায় ৷ উল্লেখ্য যে ৰাইজৰ আক্ৰমন আৰক্ষীৰ এগৰাকী গাড়ী চালকৰ মুৰ ফাটি যায় ৷
Conclusion:পিচত মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷ অভিযুক্ত পৰিয়ালটোক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৰাইজে ৷
বাইট--- আত্মীয়/ ৰাইজ/ আৰক্ষী ৷
Ajit Rabha Baksa
ETV Bharat Assam